Breaking

মোদীৰ মন্ত্ৰীসভাত সাতগৰাকী মহিলা মন্ত্ৰীয়ে লাভ কৰিলে স্থান, তেওঁলোক কোন কোন…

0 39

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ৭২ গৰাকী সাংসদক ৯ জুনত শপতগ্ৰহণ কৰোৱায়। শপতগ্ৰহণ কৰাসকলৰ ভিতৰত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৩০ গৰাকী কেবিনেট মন্ত্ৰী, ৩৬ গৰাকী ৰাজ্যিক ৫ গৰাকী ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ)। শপতগ্ৰহণ কৰা ৭২ গৰাকী মন্ত্ৰীৰ ভিতৰত সাতগৰাকী মহিলা মন্ত্ৰীও আছে। তেওঁলোক হ’ল-

সাবিত্ৰী ঠাকুৰ (বিজেপি)
মধ্যপ্ৰদেশৰ ধৰ লোকসভাৰ আসনত দুই লাখৰো অধিক ভোটত জয়ী হোৱা সংসদ সদস্য সাবিত্ৰী ঠাকুৰক মোদী কেবিনেটত মন্ত্ৰীৰ পদ দিয়া হৈছে। মোদী ৩.০ত তেওঁক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া সাবিত্ৰীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম মুৱেলক পৰাস্ত কৰিছিল। ১৯৭৮ চনৰ ১ জুনত জন্মগ্ৰহণ কৰা সাবিত্ৰী ঠাকুৰ আৰ এছ এছ (ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ)ৰ পৰা আহিছে। এটা এন জি অ’ৰ সমন্বয়ক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা সাবিত্ৰী ঠাকুৰৰ নামৰ সৈতে যদিও “ঠাকুৰ” শব্দটো সন্নিবিষ্ট কৰা হৈছে, তেওঁ পিছে জনজাতীয় সম্প্ৰদায়ৰহে লোক। সাবিত্ৰীয়ে দশম শ্ৰেণীলৈকে পঢ়িয়েই শিক্ষা সমাপ্ত কৰিছিল।

শোভা কৰণ্ডলাজে (বিজেপি)
শোভা কৰণ্ডলাজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিল। তেওঁ ভাৰতত এই পদত অধিষ্ঠিত হোৱা দ্বিতীয়গৰাকী মহিলা আৰু একেৰাহে তিনিবাৰকৈ নিৰ্বাচিত হোৱা কৰ্ণাটকৰ কেইবাগৰাকীও মহিলা সাংসদৰ ভিতৰত অন্যতম।

অনুপ্ৰিয়া পেটেল (অপনা দল)
আপনা দলৰ সভাপতি অনুপ্ৰিয়া পেটেলে মোদী চৰকাৰ ৩.০ত স্থান লাভ কৰিছে। ১৯৮১ চনত উত্তৰ প্ৰদেশৰ কানপুৰত জন্মগ্ৰহণ কৰা পেটেলে ২০২১ চনৰ পৰা কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২০১৪ চনৰ পৰা উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি পেটেলে ২০১৬ চনৰ পৰা অপনা দল (সোনেলাল)ৰ সভাপতি পদত অধিষ্ঠিত হৈ আহিছে।

অন্নপূৰ্ণা দেৱী (বিজেপি)
প্ৰথম অৱস্থাত গৃহিণী হিচাবে পৰিচিত অন্নপূৰ্ণা দেৱীয়ে ১৯৯৮ চনত ৰাষ্ট্ৰীয় জনতা দলৰ বিধায়ক স্বামীৰ মৃত্যুৰ পিছত ৰাজনৈতিক ক্ষেত্ৰ খনত নামি পৰে। নৰেন্দ্ৰ মোদী কেবিনেট ৩.০ত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি কোডেৰমা আসনত যথেষ্ট ব্যৱধানত জয়লাভ কৰিছিল। অতীতত আৰজেডিৰ সৈতে জড়িত থকাৰ পিছতো বিজেপিৰ ভিতৰত তেওঁৰ দ্ৰুত উত্থানে ঝাৰখণ্ডৰ অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি)ৰ মাজত তেওঁৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ কথা প্ৰমাণ কৰিছে। অন্নপূৰ্ণাই ৰাঁচী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ১৯৯৮ চনত ৰাজ্যিক বিধানসভাৰ উপ-নিৰ্বাচনত জয়লাভ কৰি তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছিল। সেইবাৰ তেওঁ বিহাৰ বিধানসভাৰ সদস্যা নিৰ্বাচিত হৈছিল।

নিৰ্মলা সীতাৰমণ (বিজেপি)

মোডী ২.০ মন্ত্ৰীসভাত বিত্ত মন্ত্ৰালয় চম্ভালিছিল নিৰ্মলা সীতাৰমণে। লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ নিৰ্মলা সীতাৰমণ পিছে ৰাজ্যসভাৰ সদস্যা। তেওঁকো এইবেলি পুনৰ মোদীৰ মন্ত্ৰীসভাত ঠাই দিয়া হৈছে।

ৰক্ষা নিখিল খাদছে (বিজেপি)
মহাৰাষ্ট্ৰৰ ৰেভাৰৰ পৰা তিনিবাৰৰ সাংসদ ৰক্ষা খাদছে। তেওঁ বিজেপিৰ প্ৰাক্তন জ্যেষ্ঠ নেতা একনাথ খাদছেৰ বোৱাৰী। ষোড়শ লোকসভাত হিনা গাভিটৰ সৈতে তেওঁ আছিল আটাইতকৈ কম বয়সীয়া সাংসদ।

নিমুবেন জয়ন্তীভাই বাম্ভনীয়া
গুজৰাটৰ লোকসভা নিৰ্বাচনত বিজয়ী হোৱা তিনিগৰাকী মহিলা বিজেপি প্ৰাৰ্থীৰ ভিতৰত অন্যতম নিমুবেন বাম্ভানিয়াক কেন্দ্ৰীয় মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ ভৱনগৰ সমষ্টিত আপৰ উমেশ মাকৱানাৰ বিপৰীতে ৪.৫৫ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ দুটা কাৰ্যকালৰ বাবে ভৱনগৰৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ২০১৩ চনৰ পৰা ২০২১ চনলৈ বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক গোটৰ উপ-সভানেত্ৰী আছিল।

Leave A Reply

Your email address will not be published.