Breaking

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত দেশী জনগোষ্ঠীৰ বাবে ২৫ ভাগ আসন সংৰক্ষণকে ধৰি কেইবাটাও দাবী উত্থাপন…

0 84

যোৱা ২১/৭/২০২৪ তাৰিখে বঙাইগাওঁ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন সম্পৰ্কে এখন সভা অনুষ্ঠিত হয়। সভাখনত স্বায়ত্বশাসিত পৰিষদখনত ধুবুৰী, গোৱালপাৰা, দঃশালমাৰা-মানকাচৰ আৰু বঙাইগাওঁ জিলাৰ পৰা অন্তৰ্ভূক্ত হ’বলগীয়া গাওঁসমূহৰ তালিকাৰ ওপৰত আলোচনা হয়। এই বিষয়ত চাৰিওখন জিলাৰ হৈ ন’ডেল বিষয়াৰূপে কাৰ্য্যনিৰ্বাহ কৰি থকা বঙাইগাওঁ জিলা আয়ুক্তৰ লগতে স্বায়ত্বশাসিত পৰিষদখনৰ কৰ্তৃপক্ষ আৰু ২৪ টাৰো অধিক বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকি মত বিনিময় কৰে।

নোডেল বিষয়া গৰাকীৰ বক্তৱ্যৰ পৰা এইটো বুজা যায় যে জিলা পৰ্যায়ত এইটো শেষ আলোচনা আৰু পৰৱৰ্তী আলোচনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হব। উল্লেখ্য যে, জিলাকেইখনত সৰ্বাধিক খিলন্জীয়া জনগোষ্ঠীৰ দেশী লোকসকল বসবাস কৰে । সেয়ে দেশী আৰু গৰিয়া জনগোষ্ঠীদুটাক প্ৰতিনিধিত্ব কৰা দেশী জনগোষ্ঠীয় মঞ্চ, অসম, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, সদৌ অসম গ ম দে জনগোষ্ঠীয় পৰিষদ, সদৌ গ ম দে পৰিষদ (কামতাপুৰ) আৰু সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ হৈ সমন্বয়ৰক্ষী সমিতিয়ে

পৰিষদখনৰ শতকৰা ২৫ ভাগ আসন দেশী জনগোষ্ঠীৰ বাবে সংৰক্ষিত কৰা, ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা আদিকে ধৰি এখন সাত দফীয়া দাবীৰ স্মাৰকপত্ৰ আয়ুক্তগৰাকীৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, স্মাৰকপত্ৰখন অৰ্পণ কৰাৰ আগতে দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ সভাপতি ইছলামূল হক মণ্ডলে স্মাৰকপত্ৰখন সকলোকে পঢ়ি শুনায়। লগতে সমন্বয়ৰক্ষী সমিতিৰ পৰা ছফিয়ৰ ৰহমান, শ্বেখ হেদায়েতুল্লাহ আৰু হাচিফুল ইছলামেও আলোচনাত সহযোগ কৰে। ২১ তাৰিখে আবেলিৰ ভাগত গাও সমূহৰ তালিকা হোৱাটছেপ যোগে নোডেল বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰচাৰ কৰা হয় আৰু এই তালিকাই সাধাৰণ মানুহৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.