Breaking

মাজবাট আৰু ওৰাঙত কেইবাটাও আধাৰশিলা স্থাপন বিধায়ক চৰন বড়োৰ

0 2,032

ওৰাং আৰু মাজবাটত ৩১জানুৱাৰীত বহুকেইখন অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰে মাজবাটৰ যুৱ বিধায়ক চৰন বড়োয়ে। মাজবাটৰ পলাশবস্তীত মাজবাট আৰু গেলাবিল সংযোগী পথৰ পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে। ওৰাঙটো এচ অ পি ডি আঁচনিৰ অধীনত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক চৰন বড়োয়ে। লগতে ওৰাঙৰ পৰিদৰ্শন বংলাৰ নবীকৰণ কাৰ্য আৰু নতুন কোঠা নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে বিধায়ক চৰন বড়োয়ে। দলং আৰু পকী পথ নিৰ্মাণ কাৰ্যই সমষ্টি বাসীক যোগাযোগৰ ক্ষেত্ৰত সুচল কৰাৰ লগতে সমষ্টি বাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। মাজবাট সমষ্টিবাসী ৰাইজৰ  দুখ দুৰ্দশা আৰু প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত সদায় কাম  কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে বিধায়ক চৰন বড়োয়ে। মাজবাট সমষ্টিৰ উন্নয়ৰ বাবে ৰাইজে মোক নিৰ্বাচিত কৰিছিল আৰু মই উন্নয়ন কাম কৰিবলৈ ৰাইজৰ ওচৰত দায়বদ্ধ বুলি মন্তব্য কৰে বিধায়ক চৰন বড়োয়ে। সমষ্টিটোৰ প্ৰতিটো প্ৰান্ততে উন্নয়নমূলক কাম-কাম কৰি সমষ্টিবাসীক উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়াই নিয়াৰ লক্ষ্য বিধায়ক গৰাকীৰ। আগন্তক দিনত সমষ্টিবাসীৰ সকলো দিশৰ উন্নয়নমূলক কাম কাজ কৰিবলৈ প্ৰস্তুত থকা যুৱ বিধায়ক গৰাকীক লৈ ৰাইজৰ  মাজত ব্যাপক চৰ্চা। আঁচনি সমূহৰ উন্নয়নমূলক কাম কাজৰ বাবে সমষ্টি বাসীৰাইজ সন্তুষ্ট বিধায়ক গৰাকীক লৈ।

Leave A Reply

Your email address will not be published.