বঙাইগাঁও জিলাৰ বাওবাৰীৰ ৰেলৱে দলংৰ তিনি খন খুটি বহি যোৱাত আবদ্ধ কেইবাখনো ৰে’লগাড়ী

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বাওবাৰী ৰেলৱে দলঙৰ খুটি বহি যোৱাত ৰেলৰ যাতায়ত ব্যহত হৈ পৰিছে।বাওবাৰীতে নতুনকৈ দলং নিৰ্মাণৰ কাম কৰাৰ বাবে Pocland ৰে মাটি খান্দিবলৈ লওতে পুৰণি দলঙৰ তিনিখন খুটি বহি যায়। ফলত ৰেলৱে যাতায়ত ব্যৱস্থা ব্যহত হৈ পৰে।

পাতিলাদহা ৰেলৱে ষ্টেচনত নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ আবদ্ধ হৈ পৰাত যাত্ৰী সকলৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।ইফালে নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনতো কেইবাটাও ৰেল আবদ্ধ আছে বুলি জানিব পৰা গৈছে।

Related Articles