Breaking

এয়া কেনেকৈ সম্ভৱ! শ্বাহৰুখ খানে মোৰ জীৱন সলনি কৰিলেঃ জন চিনা…

0 16

শ্বাহৰুখ খান এজন বলিউদৰ এনে অভিনেতা যাৰ অনুৰাগী দেশৰ প্ৰতিটো প্ৰান্ততে বাস কৰে। কেৱল এয়াই নহয়, বিদেশতো কিং খানৰ অনুৰাগী আছে আৰু অনুৰাগীয়ে তেওঁক বহুত ভাল পাই। ভাৰতীয় চেলিব্ৰিটিৰ পৰা আন্তঃৰাষ্ট্ৰীয় তাৰকালৈকেও তেওঁৰ প্ৰতি যথেষ্ট সন্মান আছে। শেহতীয়াকৈ আমেৰিকাৰ মল্লযুঁজাৰু তথা অভিনেতা জন চিনাক সাক্ষাৎ কৰিছিল শ্বাহৰুখ খানে।

যোৱা মাহত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত লগ হৈছিল জন চিনা আৰু শ্বাহৰুখ খানৰ। জনৰ এক্স (টুইটাৰ) হেণ্ডেলত কিং খানৰ সৈতে এখন ফটোও শ্বেয়াৰ কৰিছিল, য’ত দুয়োজনে ফটোখন ৰয়েল ষ্টাইলত ক্লিক কৰা দেখা গৈছে। এই ফটোখন শ্বেয়াৰ কৰি জন চিনাই এটা কেপচনো লিখিছিল য’ত তেওঁ শ্বাহৰুখক প্ৰশংসা কৰিছিল। আনহাতে যেতিয়া হলিউডৰ তাৰকাগৰাকীৰ এছ আৰ কেৰ বিষয়ে সুধো হৈছেলি তেতিয়া তেওঁ কৈছিল, তেওঁ শ্বাহৰুখ খানৰ পৰা অনুপ্ৰাণিত হৈছে। ‘হেডছ অৱ ষ্টেট’ৰ অভিনেতাগৰাকীয়ে কয় যে শ্বাহৰুখে টেড টক কৰিছিল যিটো তেওঁৰ জীৱনৰ সঠিক সময়ত আহিছিল। জ্ঞান আৰু অভিজ্ঞতাৰ বাক্যৰে কিং খানে তেওঁলোকক অনুপ্ৰাণিত কৰিছিল আৰু তেওঁলোকৰ জীৱনত পৰিৱৰ্তন আনিবলৈ সহায় কৰিছিল। জনে শ্বাহৰুখৰ সৈতে হোৱা সাক্ষাৎকাৰক ‘আচৰিত’ বুলি অভিহিত কৰে।

Leave A Reply

Your email address will not be published.