Breaking

শ্বাহৰুখ খানৰ চুবুৰীয়া হ’ব দীপিকা-ৰণবীৰ! অতি সোনকালে ১০০ কোটি টকাৰ অট্টালিকাত দেখা যাব দীপিকা-ৰণবীৰক…

0 16

বলীউডৰ অন্যতম প্ৰিয় দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে অতি সোনকালে প্ৰথম সন্তানক আদৰিবলৈ ওলাইছে। চলিত বৰ্ষৰ আৰম্ভণিতে দুয়োজনে প্ৰথম সন্তানৰ ভাল খবৰ অনুৰাগীক দিছিল, ছেপ্টেম্বৰ মাহতে হয়তো দুয়ো পিতৃ-মাতৃ হ’ব। প্ৰথম সন্তানক লৈ দীপিকা আৰু ৰণবীৰৰ অনুৰাগীসকল অতিশয় উৎসাহিত। ইফালে প্ৰথম সন্তানক আদৰণি জনোৱাৰ লগতে দীপিকা-ৰণবীৰেও নতুন ঘৰলৈ স্থানান্তৰিত হোৱাৰ পৰিকল্পনা কৰিছে। বিশেষ কথাটো হ’ল এই দম্পতী শ্বাহৰুখ খানৰ প্ৰতিবেশী হ’বলৈ সাজু হৈছে। খবৰ অনুসৰি তেওঁলোক ফ্লেটতো প্ৰায় ১০০ কোটি টকাৰ। বান্দ্ৰাৰ বেণ্ডষ্টেণ্ড এলেকাত সাগৰমুখী চাৰি মহলীয়া অট্টালিকাটোৰ ভিতৰৰ ঠাই ১১,২৬৬ বৰ্গফুট। ইয়াৰ উপৰিও এই ফ্লেটটোত ১৩৩০ বৰ্গফুটৰ টেৰেচৰ স্থানো থাকিব।

Deepika-Ranveer New Flat

কেৱল এয়াই নহয়, অট্টালিকাটোৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে, দেখাত যথেষ্ট বিলাসী যেন লাগিছে। ভিডিঅ’টোত দেখা গৈছে যে অট্টালিকাটোৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এনে পৰিস্থিতিত দম্পতীহালে নতুন ঘৰত প্ৰথম সন্তানক আদৰি ল’ব পাৰে বুলি ক’লেও ভুল নহ’ব।

লগতে পঢ়কঃ পদবী সলনি হ’লেও দল সলনি নহয়ঃ ভূপেন বৰা, অসম প্ৰদেশ কংগ্ৰেছত পুনৰ বিদ্ৰোহৰ উকমুকনি!

Leave A Reply

Your email address will not be published.