দেৰগাঁৱত শ্বহীদ কনকলতা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন…

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত দেৰগাঁও শাখা লেখিকা সমাৰোহ সমিতিৰ সহযোগত দেৰগাঁৱৰ বাপুজী মন্দিৰৰ প্ৰাংগনত আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বাবিংশতিতম বাৰ্ষিক জাতীয় চেতনা দিৱস উদযাপন কৰা হয় । এই উপলক্ষে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূবৰ্ণ শইকীয়া বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অসমৰ বিভিন্ন প্ৰান্তৰ লেখিকা সমাৰোহ সমিতিৰ বিষয়-ববীয়া সকলৰ উপৰিও বিশিষ্ট লেখিকা ড০ মালিনী,বিশিষ্ট চলচিত্ৰ প্ৰযোজক নুৰুল চুলতান, আছুৰ সহকাৰী সম্পাদক অভিবৰ্তন গোস্বামী প্ৰমূখ্যে কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ

উপস্থিতিত গোলাঘাট জিলাৰ দেৰগাঁৱৰ বিশিষ্ট সমাজসেৱীকা অনুৰূপা হাজৰিকাক ছহিদ কনকলতা বটাঁ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানতে দেৰগাঁও লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী অনিমা দেৱী আৰু সহকাৰী সম্পাদিকা লাটুমনি শইকীয়া বৰাই সম্পাদনা কৰা প্ৰাচীৰ -পত্ৰিকা “প্ৰদীপ্তি “ৰ উন্মোচন কৰে দেৰগাঁও সাহিত্য সভাৰ সভাপতি প্ৰভাত চন্দ্ৰ মহন্তই।এই সভাতে কেইবাখনো গ্ৰন্থ ক্ৰমে লেখিকা অৱনী বৰঠাকুৰৰ “কথা মালিকা”

লেখিকা অনিমা দেৱী বৰঠাকুৰৰ সম্পাদনাৰে দেৰগঞা অগ্ৰণী ব্যক্তিৰ জীৱন গাথা “আলোকৰ যাত্ৰী”, মুক্তিযোদ্ধা দেবেশ্বৰী হাজৰিকাৰ জীৱনৰ ওপৰত ময়ুৰী বৰাৰ তেজস্বিনী আৰু লেখিকা ইন্দ্ৰাণী লস্কৰৰ দুখন অনুবাদ গ্ৰন্থ “বন্দুক দ্বীপ” আৰু “ছায়া ৰেখা” উন্মোচন কৰা হয় । সভাত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উত্তৰপূৱৰ সম্পাদক সত্যজিত হাজৰিকা,প্ৰবীণ সাংবাদিক অৰুণ বিকাশ বৰুৱা,বিচিত্ৰ ভূষণ কলিতাইও ভাষণ প্ৰদান কৰে।

Related Articles