Mangaldoi: Mother Language Day:মঙলদৈত কেন্দ্ৰীয়ভাবে ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পালন

গুৱাহাটী, ৪ অক্টোবৰ -(Mother Language Day)অসমৰ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ ,কবি-সাহিত্যিক, গীতিকাৰ, ঔপন্যাসিক,অসম সাহিত্য সভাৰ বৰপেটা ৰোড অধিবেশনৰ সভাপতি , জবানবন্দীৰ দৰে কালজয়ী উপন্যাসৰ স্ৰষ্টা প্ৰখ্যাত কথা শিল্পী ইমৰাণ শ্বাহলৈ আগবঢ়োৱা হৈছে ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা -২০২৪ । সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত ৫ আৰু ৬ অক্টোবৰত মঙলদৈত উদযাপিত সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা দিৱসৰ মুকলি সভাত অসমীয়া সাহিত্যৰ ৯১ বৰ্ষীয় মহীৰূহ গৰাকীক এই বঁটা প্ৰদান কৰা হ’ব বুলি মঙলদৈ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেল যোগে ঘোষণা কৰে ।

উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ড০ চহিৰ ভূঞাই। জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ, জিলা সাধাৰণ সম্পাদক তথা কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক চাহাবুদ্দিন আহমেদে আঁত ধৰা সংবাদ মেলত মুখ্য উপদেষ্টা গৰাকীয়ে উল্লেখ কৰে যে ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী বীৰ ছহিদ মোজাম্মিল হকে কৈশোৰ কালতে ভাষা জননীৰ হকে কলিজাৰ কেঁচা তেজ ঢালি আত্মবলিদান দিয়া ৬ অক্টোবৰৰ দিনটো পৰিষদে আন আন জাতীয় সংগঠনৰ সহযোগত ২০০৮ বৰ্ষৰ পৰা ‘অসম মাতৃভাষা দিৱস’ হিচাপে পালন কৰি আহিছে আৰু ২০২৩ বৰ্ষত ষষ্ঠদশ উদযাপনৰ লগত সংগতি ৰাখি জাতীয় বীৰ ছহিদ গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে ৰাজ্যিক ভিত্তিত প্ৰৱৰ্তন কৰে ‘ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা’ আৰু উক্ত বৰ্ষত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় অসমৰ সাৰস্বত সমাজৰ উজ্জ্বল নক্ষত্ৰ, ‘অসমীয়া মানুহৰ ইতিহাস’, ‘মিতভাষ’ ৰ দৰে অমূল্য গ্ৰন্থৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমীয়া সাহিত্যৰ জীৱন্ত কিংবদন্তি ডঃ নগেন শইকীয়াক।

এইবেলি ২০২৪ বৰ্ষৰ মাতৃভাষা বঁটাৰ বাবে মনোনীত হৈছে ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰৰ ধাই আলিৰ বিখ্যাত নবাব পৰিয়ালত জন্মগ্ৰহণ কৰা ইমৰাণ শ্বাহ, যিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই ‘বনবাসী’ নামৰ কাব্য গ্ৰন্থ ৰচনা কৰি উজ্জ্বল প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছিল।তাৰ পিছত ‘সংগীতৰ সিপাৰে’ নামৰ আন এখন গ্ৰন্থ লিখি তেওঁ কম বয়সতে বৌদ্ধিক মহল আৰু সমালোচক সকলৰ দৃষ্টি আকৰ্ষণ কৰি চমক সৃষ্টি কৰে।,পিয়ামুখচন্দা,পথিক, বন্দী বিহংগে কান্দে,অনমিতা,’তথাপি সাগৰ আদিকে ধৰি এখনৰ পিছত এখন গ্ৰন্থ ৰচনা কৰি ইমৰাণ শ্বাহে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰে। শিৱসাগৰ কলেজত অধ্যয়নৰ পৰা -অধ্যাপনালৈকে ঈশান দত্ত ছদ্মনামেৰে অনেক গল্প, কবিতা ৰচনাৰে পাঠকৰ অন্তৰত সুকীয়া স্থান দখল কৰা ইমৰাণ শ্বাহে এতিয়ালৈকে দুই হাজাৰৰো অধিক গল্প ৰচনা কৰি নজিৰ সৃষ্টি কৰিছে। কবি, গীতিকাৰ, গল্পকাৰ হিচাপে খ্যাতি অৰ্জন কৰা অসমীয়া সাহিত্যৰ কাণ্ডাৰী শ্বাহৰ কাপৰ পৰা সৃষ্টি হোৱা জবানবন্দী নামৰ কালজয়ী উপন্যাসকে ধৰি এতিয়ালৈকে তেওঁ শতাধিক গ্ৰন্থই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।

অসমীয়া ভাষা সাহিত্যলৈ যোগোৱা অনবদ্য বৰঙণিৰ বাবে কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁক অসম সাহিত্য সভাৰ সৰ্বোচ্চ আসন সভাপতি পদত অধিষ্ঠিত কৰিছে আৰু তেওঁ ২০১৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত সভাৰ বৰপেটা ৰোড অধিবেশনত সভাপতিত্ব কৰিছে। সাহিত্য একাডেমীৰ বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক শ্বাহে ২০১০ বৰ্ষত অসম উপত্যকা সাহিত্য বঁটা,২০২১ বৰ্ষত বৰ অসম সমন্বয় বঁটা লাভ কৰা ইমৰাণ শ্বাহক কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰিছে।এনে অনেক বঁটা বাহন আৰু সন্মান লাভ কৰা এগৰাকী প্ৰথিতযশা সাহিত্যিকক ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটাৰ বাবে মনোনীত কৰিবলৈ পাই সদৌ অসম গৰিয়া -মৰিয়া- দেশী জাতীয় পৰিষদ ধন্য হোৱা বুলি উল্লেখ কৰে কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ড০ চহিৰ ভূঞা, জিলা সভাপতি বাবুল মকছেদ আহমেদ, কাৰ্যকৰী সভাপতি আয়ুব আনছাৰী,সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ, উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মিছবাহুল হুদা, উপসভাপতি মইনুল হক শইকীয়া,চফিকুল ইছলাম, মঙলদৈ সদৰ সমিতিৰ সভাপতি তমজিদ আলি, সাধাৰণ সম্পাদক চাহিল ইৰফান প্ৰমুখ্যে সংবাদ মেলত উপস্থিত থকা বিষয়ববীয়া সকলে।

ইপিনে কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া সপ্তদশ মাতৃভাষা দিৱসৰ কাৰ্যসূচী অনুসৰি ৫ অক্টোবৰৰ পুৱা গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰিব বিশিষ্ট প্ৰকৃতি প্ৰেমী আৰক্ষী বিষয়া মুকুট কাকতিয়ে।দিনৰ ১২.৩০ বজাত অনুষ্ঠিত হ’ব চিত্ৰাংকন প্ৰতিযোগিতা। ৬ অক্টোবৰৰ পুৱা ৮.৫৫ বজাত পতাকা উত্তোলন,৯.৩০ বজাত ছহিদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব ছহিদ ভাতৃ বদৰুল হকে। মুখ্য তৰ্পক হিচাপে অংশগ্ৰহণ কৰিব দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে।১২.৩০ বজাত অনুষ্ঠিতব্য সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদ্বোধন কৰিব সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি চ’পিয়ৰ ৰহমানে। বিয়লি ১.০০ বজাত উদযাপন সমিতিৰ সভাপতি তথা ছিপাঝাৰৰ বিধায়ক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি আৰু বঁটা প্ৰদান অনুষ্ঠান উদ্বোধন কৰিব ডঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাংসদ দিলীপ শইকীয়া আৰু পদ্মশ্ৰী ডঃ ইলিয়াছ আলি।

নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকা আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি নুৰুল হক।বিশিষ্ট অতিথি হিচাপে অধ্যাপক ইদ্ৰিছ আলি, বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসকে ধৰি কেইবাগৰাকী গণ্য মান্য আমন্ত্ৰিত ব্যক্তি উপস্থিত থাকিব। সন্ধিয়া বন্তি প্ৰজ্বলনত ভাগ ল’ব জিলা খনৰ লগতে সদৰ মঙলদৈৰ বিশিষ্ট নাগৰিক সকলৰ উপৰি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিষয় ববীয়াসকলৰ আৰু বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিনিধিয়ে। অনুষ্ঠানৰ সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰিবলৈ উদ্যোক্তাসকলে সদৌটি ৰাইজকে অনুৰোধ জনাইছে।

Related Articles