সুস্থ হৈ উঠিছে ছহিদ দয়াল দাস পাণিকাৰ নাতি বোৱাৰী মালতী পাণিকা ৷

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ জাতীয় শ্বহীদ  দয়াল দাস পাণিকাৰ নাতি বোৱাৰী  মালতী পাণিকাই হঠাৎ অসুস্থ হোৱাত তাইক TMCত লৈ ভৰ্তি কৰোৱা হৈছিল ৷ আৰ্থিক দৈন্যতাত ভূগি থকা পৰিয়ালটিয়ে তাৎক্ষণিকভাৱে চিকিৎসাসেৱা গ্ৰহণ কৰিব নোৱাৰাত ঘৰতেই সাধাৰণ চিকিৎসা কৰি ৰাখিব লগীয়া হৈছিল ৷অৱশেষত ছহিদ দয়াল দাস পাণিকা মেম’ৰিয়েল ট্ৰাষ্টৰ সহযোগত পৰিয়ালৰ লোকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাইছিল ৷তেতিয়াৰ পৰাই বিটিচিৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ এম.চি.এল.এ দীপক মৌৰ আৰু তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লবলোচন দাসে চিকিৎসাধীন হৈ থকা মালতী পাণিকাৰ চিকিৎসাৰ যাৱতীয় খাখৰচৰ ব্যয়  বহন কৰি আছে৷ফলত ছহিদ দয়াল দাস পাণিকাৰ নাতি বোৱাৰী মালতী পাণিকা বৰ্তমান সুস্হ হৈ উঠিছে ৷ ৷উল্লেখ্য যে মাজবাট বিধান সভাৰ সমষ্টিৰ বিধায়ক চৰণ বড়ো ৱে এই দুৰ্দশাগ্ৰস্হ পৰিয়ালটিৰ চিকিৎসা সেৱাৰ বাবে পাঁচহেজাৰ টকা আৰ্থিক সাহাৰ্য আগবঢ়াইছিল ৷ছহিদ পৰিয়ালটিক  এনেদৰে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে  তেজপুৰৰ সাংসদ পল্লবলোচন দাস,এম.চি এল. এ দীপক মৌৰক বিটিএডি সাংবাদিক সন্হাৰ সম্পাদক  নবকুমাৰ ডেকাই ধন্যবাদ জ্ঞাপন কৰিছে ৷

Related Articles