Breaking

কচুৱা এম ই স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ছামচুদ্দিন আহমেদৰ পৰলোক…

0 45

আজি পূৱা দহ বজাত কচুৱা এম ই স্কুলৰ প্ৰতিষ্ঠাপক তথা অৱসৰ প্ৰাপ্ত প্ৰধাণ শিক্ষক ছামচুদ্দিন আহমেদৰ নগাঁও চহৰৰ এখন ব্যক্তিগত নাৰ্চিং হস্পিটালত মৃত্যু হয় ৷ প্ৰয়াত শিক্ষক গৰাকী ১৯৫৮ চনত কচুৱাএম ই স্কুল প্ৰতিষ্ঠা কৰি ১৯৯০ চনলৈ সুদীৰ্ঘ ৩২ বছৰ কাল শিক্ষকতা কৰি এইখন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ তেওঁ কচুৱাত ১৯৭২চনত” কচুৱা হাই স্কুল “ৰো প্ৰতিষ্ঠাপক উদ্যোক্তা আছিল ৷

কামপুৰ নগৰ সমিতিৰ বাসিন্দা হৈয়ো সুদুৰ দহ কিলোমিটাৰ দূৰত্বৰ কচুৱাত বিদ্যালয়খন প্ৰতিষ্ঠা কৰি শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল ৷ শিক্ষক গৰাকী ইহ সংসাৰত দুই পুত্ৰ তিনি গৰাকী জীয়ৰীৰ লগতে নাতি নতিনীয়েকক এৰি থৈ যায় ৷ শিক্ষক গৰাকীৰ মৃত্যুত কচুৱা অঞ্চলত এক শোকৰ ছাঁ পৰিছে ৷

Leave A Reply

Your email address will not be published.