বঙাইগাঁৱত প্ৰতিমা বিসৰ্জনেৰে সমাৰণি পৰিল শাৰদীয় দুৰ্গোৎসৱৰ

ক’ৰোনা মহামাৰীৰ মাজতে সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁৱতো ষষ্ঠীৰে পৰা আৰম্ভ হোৱা শাৰদীয় দুৰ্গোৎসৱৰ আজি শুকুৰবাৰে বিজয়া দশমীৰ দিনা প্ৰতিমা বিসৰ্জন পৰ্বৰে সমাপ্তি ঘটে ৷ বিসৰ্জন পৰ্ব উপলক্ষে বঙাইগাঁও সদৰ থানা এলেকাৰ অন্তৰ্গত বিভিন্ন অঞ্চল সামৰি অনুষ্ঠিত হোৱা ৭৪ খনৰো অধিক পূজা মণ্ডপৰ প্ৰতিমাসমূহ বিভিন্ন প্ৰতিমা বিসৰ্জন ঘাটত বিসৰ্জন দিয়া হয় ৷ একেদৰে বঙাইগাঁও চহৰৰ বিভিন্ন স্থানত উদযাপিত পূজা মণ্ডপৰ প্ৰতিমাসমূহ বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত বঙাইগাঁও মহাবিদ্যালয়ৰ সন্মুখৰ প্ৰতিমা বিসৰ্জন ঘাটৰ লগতে নৰ্থ ইষ্ট কলনীৰ বিসৰ্জন ঘাট আৰু পালপাৰা- খাৰিজা দোলাইগাঁও নদীৰ ঘাট আৰু আই নদীত বিসৰ্জন দিয়া হয় ৷ প্ৰতিমা বিসৰ্জন পৰ্ব উপভোগ কৰাৰ বাবে বিসৰ্জন ঘাটসমূহত বহু লোকৰ সমাগম হয় ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে দৰ্গা পূজা উদযাপন কৰাৰ ক্ষেত্ৰত ক’ভিড প্ৰ’টকল বান্ধি দিছিল যদিও বঙাইগাঁও জিলাত পূজাৰ কেইদিনত ক’ভিড প্ৰ’টকল ধোঁৱা চাঙত উঠে ৷ পূজা দৰ্শনাৰ্থীসকলৰ অধিকাংশই পৰিধান কৰা নাছিল মাস্ক ৷ সামাজিক দূৰত্ব দূৰৰে কথা ৷ সেইদৰে প্ৰতিমা বিসৰ্জন পৰ্বৰ ক্ষেত্ৰতো চৰকাৰ তথা জিলা প্ৰশাসনে বান্ধি দিয়া ক’ভিড প্ৰ’টকল মানি চলা পৰিলক্ষিত নহ’ল ৷ বঙাইগাঁও মহাবিদ্যালয়ৰ সন্মুখৰ প্ৰতিমা বিসৰ্জন ঘাটতো একেই দৃশ্য ৷ প্ৰতিমা বিসৰ্জন দিবলৈ নাচি – বাগি আহিল লোক ৷ নাই মাস্ক,  নাই সামাজিক দূৰত্ব ৷ এইবোৰ দেখিও নেদেখাৰ ভাও জুৰি থাকিল প্ৰশাসন ৷ আনকি প্ৰশাসনৰ লোকেই পৰিধান কৰা দেখা নগল মাস্ক ৷ কিন্তু ইয়াৰ বিপৰীতে বিসৰ্জন ঘাটত বঙাইগাঁও পৌৰসভাৰ তৰফৰ পৰা ৰাইজক মাইকযোগে বাৰে বাৰে মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখা,  স্বচ্ছা বৰ্তাই ৰখাৰ বাবে সজাগ কৰি থকা পৰিলক্ষিত হ’ল ৷ ক’ভিডৰ বাবে এইবাৰ প্ৰতিমা বিসৰ্জনৰ পৰ্বত পূজা উদযাপন সমিতিৰ নিৰ্দিষ্ট সংখ্যক লোককহে উপস্থিত থাকিবলৈ দিয়া হৈছিল যদিও কোনেও সেই নিৰ্দেশ মনা পৰিলক্ষিত নহ’ল ৷ সেইদৰে প্ৰতিমা বিসৰ্জন পৰ্ব উপভোগ কৰিবলৈও  বিসৰ্জনস্থলীত লোকে ভীৰ কৰে ৷ তাৰোপৰি চহৰৰ পথৰ দুয়োকাষেও বিসৰ্জন দিবলৈ বাহনযোগে নিয়া প্ৰতিমা চাবলৈ ভীৰ কৰে লোকে ৷ গতিকে ক’ভিড প্ৰ’টকল কেৱল ঘোষণাতে থাকি গ’ল ৷ সেয়ে পূজাৰ পিচত ক’ভিডে কি ৰূপ লয় সেয়া সময়তহে ওলাই পৰিব ৷ ইপিনে মহা নৱমীৰ দিনা প্ৰতি বছৰৰ দৰে এইবাৰো বঙাইগাঁৱৰ ঐতিহাসিক মা বাঘেশ্বৰী মন্দিৰত ভক্তই আগবঢ়োৱা ম’হ বলি দিয়া হয় ৷ এইবাৰ সাতটা ম’হ বলি দিয়া হয় ৷ এটা মন্দিৰ কৰ্তৃপক্ষই আৰু আন ছয়টা ভক্তই আগবঢ়োৱা ম’হ বলি দিয়া হয় ৷ বলি দিয়া হয় পঠা ছাগলী, হাঁহ আদিও ৷  ক’ৰোনাৰ মাজতো মা বাঘেশ্বৰী মন্দিৰত ভক্ত প্ৰাণ ৰাইজে ভীৰ কৰা পৰিলক্ষিত হয় ৷ অৱশ্যে মহা নৱমীৰ দিনা কিছু ভিৰ পৰিলক্ষিত হয় ৷ 

Related Articles