Breaking

Share Market Update: শ্বেয়াৰ মাৰ্কেটত সপ্তাহটোৰ আৰম্ভণিতে সৰ্বাধিক লোকচানৰ সন্মুখীন টাটা ষ্টীল

55

বিশ্বৰ বজাৰৰ পৰা নেতিবাচক সংকেতৰ মাজতে সোমবাৰে ঘৰুৱা বজাৰত সপ্তাহটোৰ আৰম্ভণি বেয়া। ট্ৰেডিং মুকলি হোৱাৰ লগে লগে বি এছ ই চেন্সেক্স সূচকাংক ৮১ হাজাৰ পইণ্টৰ স্তৰৰ তললৈ নামি যায়। কিন্তু কিছু সময়ৰ ভিতৰতে বজাৰখনে উৎকৃষ্ট হা দেখুৱাই গ্ৰীণ জ’নত উপনীত হয় (Share Market Update)।

বিশ্বৰ বজাৰৰ পৰা নেতিবাচক সংকেতৰ মাজতে সোমবাৰে ঘৰুৱা বজাৰত সপ্তাহটোৰ আৰম্ভণি বেয়া। ট্ৰেডিং মুকলি হোৱাৰ লগে লগে বি এছ ই চেন্সেক্স সূচকাংক ৮১ হাজাৰ পইণ্টৰ স্তৰৰ তললৈ নামি যায়। কিন্তু কিছু সময়ৰ ভিতৰতে বজাৰখনে উৎকৃষ্ট হা দেখুৱাই গ্ৰীণ জ’নত উপনীত হয় (Share Market Update)। পুৱা ৯.১৫ বজাত প্ৰায় ২০০ পইণ্টৰ লোকচানত মুকলি হয় চেন্সেক্স আৰু ৮১ হাজাৰ পইণ্টৰ স্তৰৰ তললৈ নামি যায়।

প্ৰায় ৫০ পইণ্ট হেৰুৱাই আৰম্ভ কৰিছিল নিফ্টিয়ে। প্ৰায় আধা ঘণ্টা ধৰি সীমিত লোকচানৰ সৈতে ব্যৱসায় কৰাৰ পিছত বজাৰখনে পুনৰ উত্থানলৈ উভতি আহে। পুৱা ৯:৫৫ বজাত চেন্সেক্সে (SENSEX ) প্ৰায় ৩০ পইণ্ট বৃদ্ধিৰে ৮১,২০০ পইণ্ট অতিক্ৰম কৰিছিল। একে সময়তে নিফটিয়ে প্ৰায় ২০ পইণ্ট বৃদ্ধিৰে ২৫,৩০০ পইণ্ট অতিক্ৰম কৰিছিল।

প্ৰি-অ’পেন অধিবেশনত বজাৰত লোকচানৰ লক্ষণ । প্ৰি-অ’পেন অধিবেশনত চেন্সেক্স ২০০ পইণ্টতকৈ অধিক হ্ৰাস পাই ৮১ হাজাৰ পইণ্টৰ তলত থকাৰ বিপৰীতে নিফটি (NIFTY) প্ৰায় ৩০ পইণ্ট লৈ আহি ২৪,৮২৫ পইণ্টৰ তললৈ আহিছিল। পুৱা বজাৰ মুকলি হোৱাৰ পূৰ্বে গিফ্ট চিটিৰ নিফ্টিৰ ২৪,৮৪০ পইণ্টৰ ওচৰত ব্যৱসায় হৈছিল, প্ৰায় ৮৬ পইণ্ট হ্ৰাস। অস্থিৰতা জুখিব পৰা নিফটি ভিক্স সূচকাংক ৭ শতাংশতকৈ অধিক বৃদ্ধি ।

ইয়াৰ পূৰ্বে যোৱা সপ্তাহৰ শেষৰ দিনটোত শুকুৰবাৰে চেন্সেক্স ১০১৭.২৩ পইণ্ট (১.২৪ শতাংশ) হ্ৰাস পাই ৮১,১৮৩.৯৩ পইণ্ট আৰু নিফ্টি৫০ৰ ২৯২.৯৫ পইণ্ট (১.১৭ শতাংশ) হ্ৰাস পাই ২৪,৮৫২.১৫ পইণ্টত উপনীত হয়। গোটেই সপ্তাহটোত চেন্সেক্স ১১৮১.৮৪ পইণ্ট (১.৪৩ শতাংশ) আৰু নিফটি ৩৮৩.৭৫ পইণ্ট (১.৫২ শতাংশ) হ্ৰাস পাইছে।

শুকুৰবাৰে নিয়োগকে ধৰি আমেৰিকাৰ অৰ্থনৈতিক তথ্য প্ৰকাশ পোৱাৰ পিছত ৱাল ষ্ট্ৰীটত ডাউ জ’নছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ ১ শতাংশতকৈ অধিক হ্ৰাস , এছ এণ্ড পি ৫০০ প্ৰায় ১.৭৫ শতাংশ আৰু নাছডাক ২.৫ শতাংশতকৈ অধিক হ্ৰাস পাইছে। ইয়াৰ পিছত আজি এছিয়াৰ বজাৰত বৃহৎ লোকচান (Asian financial markets are bracing for heavy selloff) দেখা গৈছে। জাপানৰ নিকেই সূচকাংকত ৩ শতাংশতকৈ অধিক লোকচান হৈছে। টপিক্স সূচকাংকত ২.৬৭ শতাংশ লোকচান হৈছে। কোৰিয়াৰ কস্পি প্ৰায় লোকচান হোৱাৰ বিপৰীতে চীনৰ চাংহাই কম্পোজিটত ০.৫৮ শতাংশ আৰু হংকঙৰ হাং চেং সূচকাংক ১.১৫ শতাংশ হ্ৰাস।

পুৱা ৯.৪০ বজাত বিএছই চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ১৪টা ষ্টক হ্ৰাস পোৱাৰ বিপৰীতে ১৪টা ষ্টক বৃদ্ধিৰ সৈতে ব্যৱসায় চলি আছে। ইয়াৰ আটাইতকৈ ডাঙৰ বৃদ্ধি পোৱা অংশ হৈছে এছিয়ান পেইণ্টছ (asian paints)। ইয়াৰ পিছত আটাইতকৈ বেছি বৃদ্ধি পাইছে আইচিআইচিআই বেংক, ইণ্ডুছইণ্ড, এইচ ইউ এল, বাজাজ ফিনচাৰ্ভ, আইটিচিৰ শ্বেয়াৰ। যদি আমি ষ্টক কমি যোৱাৰ কথা কওঁ, তেন্তে এন টি পি চি, আদানি, পাৱাৰ গ্ৰীড। সৰ্বাধিক হ্ৰাস পাইছে টাটা ষ্টীল, এম এণ্ড এম, টাটা মটৰ্ছৰ শ্বেয়াৰ।

শ্বেয়াৰ বজাৰ খোলাৰ মাত্ৰ আধা ঘণ্টাৰ পিছত নিফটিত সমান হাৰ দেখা গৈছে আৰু ইয়াত ২৪টা ষ্টক বৃদ্ধি পাইছে আৰু ২৬টা ষ্টক হ্ৰাস । শীৰ্ষ লাভ কৰা সকলৰ ভিতৰত এছ বি আই লাইফ ১.০১ শতাংশ বৃদ্ধি পাইছে আৰু তাৰ পিছতে আছে ব্ৰিটানিয়া, টাটা কনজিউমাৰ্ছ, এছিয়ান পেইণ্টছ আৰু এইচ ডি এফ চি লাইফ। হ্ৰাস পোৱা ষ্টকসমূহৰ ভিতৰত অ’এনজিচি, আদানি প’ৰ্টছ, এনটিপিচি, হিণ্ডালকো, টাটা ষ্টীলৰ (Tata Steel’s )শ্বেয়াৰত ৩.০৮-১.৩৪ শতাংশ হ্ৰাস দেখা গৈছে।

লগতে পঢ়ক : :FPI Inflow: পুনৰ ভাৰতীয় শ্বেয়াৰ বজাৰত ক্ৰয় বৃদ্ধি এফ পি আইৰ

Published by: Jebin Sultana

Comments are closed.