Breaking

কোনো বে-আইনী কাম কৰা নাইঃ সোণাক্ষী-জাহিৰৰ বিবাহ বিতৰ্কৰ সন্দৰ্ভত শত্ৰুঘ্ন সিনহাৰ প্ৰতিক্ৰিয়া

0 16

শেহতীয়াকৈ সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহক লৈ সৃষ্টি হৈছে বিতৰ্ক। বিবাহৰ এই বিতৰ্কৰ সন্দৰ্ভত সোণাক্ষীৰ পিতৃ শত্ৰুঘ্ন সিনহাৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

‘তাই কোনো বেআইনী কাম কৰা নাই। বিবাহ দুজন ব্যক্তিৰ ব্যক্তিগত সিদ্ধান্ত, তাত অন্য লোকৰ হস্তক্ষেপ কৰাৰ অধিকাৰ নাই’। সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহক লৈ এইদৰে মন্তব্য কৰে সোণাক্ষীৰ পিতৃ শত্ৰুঘ্ন সিনহাই।

তেওঁৰ কন্যাৰ বিবাহ কাৰো চিন্তাৰ বিষয় নহয় বুলিও মন্তব্য কৰে অভিনেত্ৰীগৰাকী পিতৃয়ে। ২৪ জুনত সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহ সম্পন্ন হৈছিল।

Leave A Reply