Breaking

বৰক্ষেত্ৰীৰ বিশিষ্ট শিক্ষাবিদ শ্বেখ মোবাৰক হুছেইনৰ দেহাৱসান, শৈক্ষিক মহলত শোকৰ ছাঁ…

0 38

বৰক্ষেত্ৰীৰ বিশিষ্ট শিক্ষাবিদ শ্বেখ মোবাৰক হুছেইনৰ দেহাবসান। নলবাৰী জিলাৰ শৈক্ষিক মহলত শোকৰ ছাঁ। ৮৫ বছৰ বয়সত শ্বেস নিশ্বাস ত্যাগ কৰে বৌদ্ধিক, সামাজিক,শিক্ষাবিদ শ্বেখ মোবাৰক হুছেইনে। প্ৰতিকূল বতৰক নেওচি আজি পুৱাৰে পৰা বৰক্ষেত্ৰী মহাবিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়কে ধৰি বহু কেইখন শিক্ষানুষ্ঠানত তেখেতৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বুধবাৰে দুপৰীয়া মুকালমুৱা ৰাজহুৱা কৱৰস্থানত তেখেতৰ জানাজা সম্পন হয়। অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দমহম্মদৰ কনিষ্ট ভাতৃ আছিল হুছেইন।

বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল হুছেইন।বৰক্ষেত্ৰীৰ বহুকেইখন শিক্ষানুষ্ঠানৰ লগতে অগণন অনুস্থান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল হুছেইনে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাত মৃত্যু হৈছিল হুছেইনৰ।
তেখেতৰ মৃত্যুত বৰক্ষেত্ৰীৰ লগতে নলবাৰী জিলা খনত শোকৰ ছাঁ পৰিছে।

Leave A Reply

Your email address will not be published.