আন এক বিপদৰ সন্মুখত শিল্পা চেট্টী-ৰাজ কুন্দ্ৰা

মুম্বাইৰ এজন ব্যৱসায়ীয়ে অভিনেত্ৰী শিল্পা চেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ১.৫১ কোটি টকাৰ জালিয়াতিৰ এক গোচৰ ৰুজু কৰিছে। শিল্পা চেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্যৱসায়ী নিতিন বৰাই কৰা অভিযোগৰ ভিত্তিত শনিবাৰে বান্দ্ৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল। দেওবাৰে এইকথা উল্লেখ কৰে এজন আৰক্ষী বিষয়াই। অভিযোগকাৰীজনে অভিযোগ কৰিছিল যে ২০১৪ চনৰ জুলাই মাহত শিল্পা চেট্টী, কুন্দ্ৰা আৰু অন্য কেইজনমান ব্যক্তিৰ সৈতে ‘এছ এফ এল ফিটনেছ’ কোম্পানীৰ সঞ্চালক কাশিফ খানে তেওঁলোকক লাভ ৰখাৰ বাবে কোম্পানীটোত ১.৫১ কোটি টকা বিনিয়োগৰ প্ৰস্তাব দিছিল। তেওঁ দাবী কৰিছে, তেওঁক আশ্বাস দিয়া হৈছিল যে ‘এছ এফ এল ফিটনেছ’ কোম্পানীয়ে তেওঁক এটা ‘ফ্ৰেঞ্চাইজি’ দিব আৰু পুনেৰ হাদাপচাৰ আৰু কোৰেগাওঁত এটা জিম আৰু স্পা খুলিব, কিন্তু সেয়া হোৱা নাছিল। আৰক্ষী বিষয়াজনে উল্লেখ কৰা মতে অভিযোগটোত কোৱা হৈছিল যে যেতিয়া অভিযোগকাৰীজনে টকা ঘূৰাই বিচাৰিছিল তেতিয়া তেওঁক ভাবুকি দিয়া হৈছিল।এই অভিযোগৰ ভিত্তিত, বান্দ্ৰা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪২০ (প্ৰৱঞ্চনা), ১২০-বি (অপৰাধমূলক ষড়যন্ত্ৰ), ৫০৬ (অপৰাধমূলক ভাবুকি) আৰু ৩৪ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল। তেওঁ উল্লেখ কৰা মতে বিষয়টোত তদন্ত এতিয়াও অব্যাহত আছে। দম্পতীটোৰ উপৰিও ফেশ্বন টিভিৰ পৰিচালনা সঞ্চালক কাশিফ খানকে ধৰি কেইবাজনৰ বিৰুদ্ধেও প্ৰৱঞ্চনাৰ গোচৰ ৰুজু পুনেৰ নীতিন বৰা নামৰ যুৱকজনৰ।

Related Articles