Breaking

চাপৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত চাৰিচকীয়া মালবাহী বাহনৰ হেণ্ডিমেন শিৱ জ্যোতি সিংহ…

0 14

চাপৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় চাৰিচকীয়া মালবাহী বাহনৰ হেণ্ডিমেন শিৱ জ্যোতি সিংহ ।চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা । মালবাহী চাৰিচকীয়া বাহন আৰু ধুবুৰী অভিমুখে অহা GNRC হস্পিতালৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ।

দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় হয় মালবাহী চাৰিচকীয়া বাহনখনৰ হেণ্ডিমেন জন আৰু গুৰুতৰভাৱে আহত হয় চালকজন লগতে ৰোগী কঢ়িয়াই অনা বাহনখনৰ বহু কেইজন ৰোগী আঘাতপ্ৰাপ্ত হয় । নিহত হেণ্ডিমেন জন চাপৰৰ খৰিদাগোসাই গাঁৱৰ শিৱজ্যোতি সিংহ বুলি জানিব পৰা গৈছে ।

আনফালে গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাহনখনে তীব্ৰ বেগত আহি মালবাহী বাহনখনক খুন্দিয়াই কাষতে থকা ৰিলায়েন্স ট্ৰেণ্ডচ শ্বপিং মোলত খুন্দিয়ায় । ফলত ৰিলায়েন্স ট্ৰেণ্ডচ শ্বপিং মোলৰ বিস্তৰ ক্ষয় ক্ষতি হয় । ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো আৰু দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনথানালৈ লৈ যায় ।

লগতে পঢ়ক :মহাৰজত জয়ন্তী উপলক্ষে ৰাজ্যিক ভিত্তিত ৰচনা ,চিঠি , কবিতা আৰু গল্প লিখা

Leave A Reply

Your email address will not be published.