Breaking

Shivaji Maharaj Statue Collapse: প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ২৩৫ কোটি আবণ্টনৰ বিপৰীতে খৰচ মাত্ৰ ডেৰ কোটি !

9

মহাৰাষ্ট্ৰৰ ৰাজকোট গড়ত ছত্ৰপতি শিৱাজী মহাৰাজৰ নৱনিৰ্মিত প্ৰতিমূৰ্তিটো খহি পৰা ঘটনাক লৈ ভাস্কৰ্য শিল্পী জয়দীপ আপ্তেক গ্ৰেপ্তাৰ(Sculptor Jaydeep Apte Arrested) । প্ৰতিমূৰ্তিটো খহি পৰা ঘটনাৰ পাছতে পলাতক অৱস্থাত থকা আপ্তেক গ্ৰেপ্তাৰৰ পিছত আদালতে ১০ ছেপ্টেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তিটো ভাঙি পৰা ঘটনাই মুম্বাইকে ধৰি সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে(Shivaji Maharaj Statue Collapse)।

থানে, ৫ ছেপ্তেম্বৰ: ছত্ৰপতি শিৱাজী মহাৰাজৰ নৱনিৰ্মিত ৩৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো খহি পৰা ঘটনাক লৈ ভাস্কৰ্য শিল্পী জয়দীপ আপ্তেক আজি পুৱাই মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে(Sculptor Jaydeep Apte Arrested)। এই প্ৰতিমূৰ্তিটো খহি পৰাৰ ঘটনাৰ পাছতে আপ্তে পলাতক অৱস্থাত আছিল। ২৬ আগষ্টত এই প্ৰতিমূৰ্তিটো খহি পৰা ঘটনাটো সংঘটিত হৈছিল, যাৰ ফলত সমগ্ৰ দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল (Shivaji Maharaj Statue Collapse)।

মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গ জিলাৰ ৰাজকোট গড়ত(Rajkot Fort in Sindhudurg) স্থাপন কৰা ছাত্ৰপতি শিৱাজী মহাৰাজৰ পূৰ্ণদৈৰ্ঘ্যৰ প্ৰতিমূৰ্তিটো(large-scale statues) ২৬ আগষ্টৰ দুপৰীয়া প্ৰায় এক বজাত ভাঙি পৰে। এই ঘটনাৰ পাছতে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা শিৱাজীপ্ৰেমীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হয়। এই প্ৰতিমূৰ্তিটো নিৰ্মাণৰ লগত জড়িত ভাস্কৰ্য শিল্পী জয়দীপ আপ্তেক আৰক্ষীয়ে অৱশেষত বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে। জয়দীপ আপ্তেই নিশাৰ আন্ধাৰৰ সুযোগ লৈ পত্নীক লগ কৰিবলৈ অহাৰ সময়তে তেওঁৰ বাসগৃহৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

প্ৰতিমূৰ্তিটো ভঙাৰ পিছতে সন্দেহৰ আৱৰ্তত সোমাই পৰা ভাস্কৰ্য শিল্পী জয়দীপ আপ্তেই আত্মগোপন কৰে যদিও মহাৰাষ্ট্ৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰৰ বাবে অভিযান চলাই গৈছিল । অনুমান কৰা অনুসৰি, আপ্তেৰ গ্ৰেপ্তাৰৰ পাছত বহু গুৰুত্বপূর্ণ তথ্য পোহৰলৈ আহিব পাৰে ।

প্ৰতিমূৰ্তিটো খহি পৰাৰ ঘটনাৰ পটভূমি:

সিন্ধুদূৰ্গ জিলাৰ ৰাজকোট কিল্লাত যোৱা ২৬ আগষ্টৰ দুপৰীয়া ১ বজাত ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তিটো খহি পৰাৰ ঘটনাৰ পাছতে সমগ্ৰ দেশজুৰি আলোড়নৰ সৃষ্টি হৈছিল । ভাৰতীয় নৌসেনাৰ দায়িত্বত স্থাপন হোৱা প্ৰতিমূৰ্তিটো নিৰ্মাণৰ মাত্ৰ ৮ মাহ পাছতে খহি পৰাৰ ঘটনাৰ পাছতে ভাস্কৰ্য শিল্পী জয়দীপ আপ্তে আৰু কনচালটেন্ট ডাঃ চেতন পাটিলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল ।

সন্দেহৰ মাজত কিয় সোমাল ভাস্কৰ্য শিল্পী আপ্তে ?

প্ৰতিমূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত আপ্তেৰ পৰ্যাপ্ত অভিজ্ঞতা নথকাৰ পিছতো তেওঁক এই দায়িত্ব দিয়া হৈছিল। তাৰোপৰি প্ৰতিমূৰ্তিটোৰ ডিজাইন আৰু নিৰ্মাণৰ দ্বায়িত্ব ভাৰতীয় নৌসেনাৰ হাতত আছিল। বিশেষজ্ঞসকলৰ মতে, এনে এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সাধাৰণতে প্ৰায় ৩ বছৰ সময় লাগে, কিন্তু আপ্তেই মাত্ৰ ৭ মাহতে নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল। এই সন্দেহৰ পৰিপ্ৰেক্ষিততে ভাস্কৰ্য শিল্পী আপ্তে আৰু কনচালটেন্ট ড. চেতন পাটিলৰ ওপৰত অভিযোগ উত্থাপিত হৈছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছিল এই প্ৰতিমূৰ্তি

যোৱাটো বৰ্ষৰ ৪ ডিচেম্বৰত নৌসেনা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(Prime Minister Narendra Modi) এই প্ৰতিমূৰ্তিটো উন্মোচন কৰিছিল । এই প্ৰতিমূৰ্তিটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা নৌসেনাই জয়দীপ আপ্তে মালিকানাধীন মেছাৰ্ছ আৰ্টিষ্ট্ৰি কোম্পানীক নিৰ্মাণৰ চুক্তি দিছিল। তাৰোপৰি স্থপতিবিদজনকো নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়া আৰু ইয়াৰ ডিজাইন নৌসেনাই নিজেই কৰিছিল।

২৩৫ কোটি আবণ্টনৰ বিপৰীতে প্ৰতিমূৰ্তি নিৰ্মাণত খৰচ মাত্ৰ ডেৰ কোটি !

আপ্তেক গ্ৰেপ্তাৰৰ পিছত বিজেপি নেতা প্ৰবীণ দাৰেকাৰে কয়, ‘আমাৰ চৰকাৰক সমালোচনা কৰা সকলে এতিয়া মুখ বন্ধ কৰিব লাগিব। এয়া সঁচা যে জয়দীপ আপ্তেক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অলপ বেছি সময় ল’লে। কিন্তু আৰক্ষীয়ে নিজৰ কাম কৰিলে।’ ইফালে মহাৰাষ্ট্ৰ কংগ্ৰেছে এই প্ৰতিমূৰ্তিটো নিৰ্মাণৰ বাবে ২৩৬ কোটি টকা আবণ্টন দিয়া বুলি দাবী উত্থাপন কৰিছে। কিন্তু প্ৰকৃত ক্ষেত্ৰত মাত্ৰ ডেৰ কোটি টকাহে নিৰ্মাণত খৰচ কৰা হৈছে বুলি দাবী কৰি বাকী টকাবোৰ ক’লৈ গ’ল বুলিও কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে ।

Comments are closed.