নাজিৰা
কালি সন্ধিয়া সাত বজাৰ পৰা “ম’বাইল ভিডিঅ’ কনফাৰেন্স”ৰ যোগেদি শিৱসাগৰ জিলা কবি সন্মিলনৰ এক মননশীল স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয়। সম্পাদক প্ৰশান্ত কুমাৰ নাথে আঁত ধৰা আৰু সহকাৰী সম্পাদক সুৰেশ ভূঞা আৰু মনপিয়াশী জোনাকৰ কাৰিকৰী ব্যৱস্থাপনাত অনুষ্ঠিত অনুষ্ঠানটি সঞ্চালনা কৰে জিলা সভাপতি ত্ৰিদীপ কুমাৰ বৰগোহাঁঞিয়ে। অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি কাব্যপ্ৰাণ প্ৰেম গগৈ, বৰ্তমানৰ উপ-সভাপতি হৰেন গগৈ মূখ্য অতিথি হিচাপে থকাৰ উপৰিও জিলা উপ-সভাপতি তৰুণ চন্দ্ৰ নাথ আৰু অশ্ৰুমণি ঘোষ, ব্ৰজেন দাস, পদ্মা গগৈ, অপৰাজিতা গগৈ, গীতৰাজ, জনম খনিকৰ, কুন্তলা কল্যাণী সন্দিকৈ, জীতেন নাথ, সুষমা চাংমাই আদিকে ধৰি জিলা খনৰ কেইবাগৰাকী কবিয়ে নিজৰ ঘৰৰ পৰাই সংযোজিত হৈ নিজৰ অনুভৱ প্ৰকাশ কৰাৰ লগতে স্বৰচিত কবিতা পাঠ কৰে। যশস্বী কবি প্ৰেম গগৈয়ে জিলা কবি সন্মিলনে গ্ৰীষ্মকালীন সন্ধিয়াটি কবিতাৰ শীতল আমোঘেৰে জীপাল কৰা কাব্য চৰ্চাৰ এই ব্যতিক্ৰমী ব্যৱস্থাৰ শলাগ লয়। কবি হৰেন গগৈয়ে কয় যে কবিসকলে যিকোনো প্ৰতিকুল পৰিৱেশকো নেওচি শব্দৰ সতে খেলা কৰি নিজৰ কবিসত্তাৰ পৰিচয় দি আহিছে। আজিৰ অনুষ্ঠানটো সেই সত্তাৰ তাড়নাতে ব্যতিক্ৰমী ব্যৱস্থাৰে অনুষ্ঠিত কৰা হৈছে। এই চৰ্চা অব্যাহত ৰাখিব লাগে। প্ৰায় দেৰ ঘণ্টাজোৰা অনুষ্ঠানৰ শেষত সহকাৰী সম্পাদকদ্বয় সুৰেশ ভূঞা আৰু অভিৰাজ জিৎ গগৈৰ দ্বাৰা শলাগৰ শৰাই আগবঢ়াই সদৌ অসম কবি সন্মিলনৰ কাব্য মন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সামৰণি কৰে। শিৱসাগৰ জিলা কবি সন্মিলনৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক কাব্যিক সমাজে ভূয়সী প্ৰশংসা কৰে।