Breaking

শিৱসাগৰৰ প্রগতি নার্চিংহোমত ম্যাদ উকলা ঔষধ বিক্ৰীক লৈ উত্তেজনা

0 85

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ৩ নৱেম্বৰঃ শিৱসাগৰ জিলাৰ অন্তৰ্গত নগৰৰ সমীপৰ জেঙনিকটীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এখন ব্যক্তিগত নার্ছিং হোমত ম্যাদ ওকলা ঔষধ বিক্ৰী কৰি ৰোগীৰ জীৱনক লৈ হেঁতালিখেলাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাইজৰ অভিযোগ ডিমৌ দিহাজানৰ নিবাসী মফিদা বেগম নামৰ মহিলাগৰাকী হঠাৎ অসুস্থ অনুভৱ কৰি ব্যক্তিগতখণ্ডৰ চিকিৎসালয় প্রগতি নার্ছিং হোমৰ চিকিৎসকৰ কাষ চাপে।

চিকিৎসকে বেগমৰ স্বাস্থ্য পৰীক্ষা কৰি ভালেকেইটা ঔষধ লিখি দিয়ে। চল্লিশ বছৰীয়া মফিদা বেগমৰ স্বামীয়ে প্রগতি নার্ছিং হোমৰ চৌহদত সংগ্নল হৈ থকা ঔষাধালয়ত পত্নীৰ বাবে ঔষাধ ক্ৰয় কৰে। সামান্তৰাল ভাৱে বেগমে টেবলেট সেৱন কৰিবলৈ লওঁতে দেখা পায় টেবলেটবোৰ গলি যোৱা তথা ম্যাদ ওকলা ঔষধখিনিৰ বিপৰীতে এক উত্তেজনাময় পৰিবেশৰ সূচনা হয়। ইয়াকে লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাৰ খবৰ পায় জিলা দণ্ডাধীশ পংকজ বৰা উপস্থিত হৈ ঔষধালয়খনৰ পৰা বহু সংখ্যক ম্যাদ ওকলা ঔষধ জব্দ কৰে। সম্প্ৰতি ঔষধ বিক্ৰী কৰিবৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ আৰু ঔষধালয়ত উপস্থিত ঔষধ বিক্ৰেতাৰ উপযুক্ত প্রশিক্ষণৰ অভাৱ সম্পন্ন ব্যক্তিক কর্মচাৰি হিচাপে নিয়োজিত কৰি ৰখাৰো অভিযোগ উত্থাপন হৈছে।

আনহাতে আপাতকালীন সময়ত চিকিৎসকৰ অনুপস্থিতিৰো অভিযোগ উত্থাপিত হৈ আহিছে প্রগতি নার্ছিং হোমৰ বিৰুদ্ধে। শিৱসাগৰ জিলা প্ৰশাসনে বাৰম্বাৰ চিকিৎসালয়খনৰ এনেবোৰ দোষ আওকান কৰা কার্যক এতিয়া সন্দেহৰ দৃষ্টিৰে চাবলৈ বাধ্য হৈছে শিৱসাগৰবাসী ৰাইজে।

Leave A Reply

Your email address will not be published.