Breaking

৩ বছৰত ৩৩০ মিলিয়ন ডাউনলোডেৰে নিজৰ সপোন আৰু সমাজখন শক্তিশালী কৰিছে শ্বপচিয়ে…

0 26

ধুমুহাৰ গতিৰে মাত্ৰ ৩ বছৰত ৩৩০ মিলিয়ন লোকে শ্বপচিৰ এপ ডাউনলোডৰ আঁৰত নিহিত হৈ আছে সবলীকৰণ আৰু সমাজখন ৰূপান্তৰৰ এক জীৱন্ত গাঁথা। ভাৰতৰ অগ্ৰণী হাইপাৰ- ভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম হিচাপে শ্বপচিয়ে অনলাইন শ্বপিঙক নতুন ৰূপ দিয়াই নহয়, লগতে সমগ্ৰ ভাৰততৰ অগণন লোকৰ জীৱন উন্নীত কৰিবলৈ সক্ষম হৈছে। মুঠ ১,৩০০ শিতানত সুলভ মূল্যৰ সামগ্ৰী প্ৰদান কৰি শ্বপচিয়ে ১৯,০০০তকৈ অধিক পিন কোড অঞ্চলত সেৱা আগবঢ়াই আছে আৰু ফ্লিপকাৰ্টৰ বিক্ৰেতাকে ধৰি ১৪  লাখ বিক্ৰেতাৰ এক সমৃদ্ধিশালী সম্প্ৰদায়ক সমৰ্থন জনাই আহিছে, যাৰ বহুজনে ইতিমধ্যে নিজৰ ব্যৱসায়ৰ উত্তৰণ কৰিবলৈ সক্ষম হৈছে।শ্বপচিৰ ব্যৱসায়িক মুৰব্বী প্ৰত্যুষা আগৰৱালে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, শ্বপচিৰ সফলতা আমাৰ গ্ৰাহকসকলৰ আস্থা আৰু বিক্ৰেতাসকলৰ নিষ্ঠাৰে গভীৰভাৱে প্ৰোথিত হৈ আছে। আমি প্ৰতিজন ভাৰতীয়ৰ ঘৰৰ প্ৰয়োজন অনুসৰি মূল্য-আধাৰিত সমাধান প্ৰদান কৰি সকলোৰে জীৱনৰ মান উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। শ্বপচিৰ প্ৰভাৱ কেৱল ব্যৱসায়তে সীমাবদ্ধ হয়, আজিৰ তাৰিখত ভাগলপুৰ, বাঁকুৰা, কুৰ্নুল, নগাঁও আৰু ধুলেৰ দৰে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰলৈ নিজৰ বাণিজ্য-সেৱা সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে, য’ত সুলভ মূল্যত মানসম্পন্ন সামগ্ৰী বিচৰা লাখ লাখ লোকৰ বাবে জীৱনৰেখালৈ পৰিণত হৈছে শ্বপচি।

গুৱাহাটীত শ্বপচিয়ে স্থানীয় বিক্ৰেতাসকলৰ বাবে প্ৰতিযোগিতামূলক বজাৰৰ পৰিৱেশত উজলি উঠাৰ সুবৰ্ণ সুযোগ প্ৰদান কৰি অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগাইছে।গ্ৰেণ্ড শ্বপচি মেলা আৰু এণ্ড অৱ ছিজন চেলৰ দৰে পদক্ষেপসমূহৰ জৰিয়তে শ্বপচিয়ে কেৱল গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰাই নহয়, লগতে বিক্ৰেতাৰ সমৃদ্ধিৰ বাবেও অবিৰতভাৱে সমৰ্থন কৰি আহিছে, ইয়াৰ লগতে নিজৰ প্ৰতিগৰাকী অংশীদাৰৰ মাজত সম্প্ৰদায়ৰ অনুভূতি আৰু সফলতাৰ ক্ষণসমূহো ভাগ-বতৰা কৰে।গুৱাহাটীত মূল্য-আধাৰিত সামগ্ৰী বিচৰা, স্থানীয় বিক্ৰেতাসকলক সৱলীকৰণ কৰিৰ লগতে আৱাসীসকলৰ বাবে বজাৰ অভিজ্ঞতা সমৃদ্ধ কৰা ব্যৱসায়ীসকলৰ বাবে শ্বপচি এক পছন্দৰ বিকল্প হিচাপে অন্তৰ্ভুক্ত হৈছে।

Leave A Reply

Your email address will not be published.