Breaking

পহিলা ছেপ্তেম্বৰৰ পৰা কণমানিহঁতক বিদ্যালয়লৈ পঠোৱা উচিত হ’বনে ?

1 1,308

ৰশ্মিৰেখা ভট্টাচাৰ্য

কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণ হেতু ভীত-সত্ৰস্ত সমগ্ৰ মানৱকূল। জীৱশ্ৰেষ্ঠ মানুহ আজি নিজৰ সামৰ্থৰ ওপৰতেই সন্দিহান। এটি ক্ষুদ্ৰ ভাইৰাছে কেনেকৈ বিজ্ঞান/প্ৰযুক্তিবিদ্যাৰ গৌৰৱোজ্জ্বল ইতিহাস ম্লান কৰি বিশ্বৰ আগশাৰীৰ দেশসমূহতো সংহাৰলীলা চলালে… সেয়া আমি বিভিন্ন সূত্ৰে অহা বাতৰিযোগে দেখিবলৈ পালোঁ। ভাৰতবৰ্ষৰ লগতে অসমতো বৰ্তমানলৈকে কৰ’নাৰ সংক্ৰমণ ঘটি থকাৰ বাতৰি আমি দৈনিক পাই আছো, চিকিৎসাকৰ্মী/প্ৰশাসন/স্বাস্থ্যমন্ত্ৰীয়ে নিতৌ এই ৰোগৰ ভয়াৱহতা সম্পৰ্কে জনসাধাৰণক বাতৰি কাকত/টেলিভিছন/ৰেডিঅ’ তথা অন্যান্য গণমাধ্যমযোগে সকিয়নি দি আছে। পৰ্যায়ক্ৰমে আমি লকডাউন পালন কৰিছোঁ, আনলক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছোঁ। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ আহ্বান অনুসৰি আমি শিশু আৰু বৃদ্ধসকলক বিশেষ যত্ন সহকাৰে ঘৰত ৰাখিছোঁ। পহিলা ছেপ্তেম্বৰৰ পৰা যদি আমাৰ শিশুসকল বিদ্যালয়ত পাঠ গ্ৰহণ কৰিবলৈ যায়, সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হ’ব শাৰীৰিক ব্যৱধান। যদিওবা কম সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পৰ্যায়ক্ৰমে শিক্ষাগ্ৰহণ কৰাৰ কথা কোৱা হৈছে, তথাপি শিশুসকলক চেনিটাইজাৰ, মাস্ক আদিৰ ব্যৱহাৰেৰে এক মিটাৰ ব্যৱধান ৰাখি পাঠদান কৰিবলৈ পৰ্যাপ্ত ঠাই তথা সুবিধা আমাৰ বিদ্যালয়সূহত আছে বুলি মই নাভাবো। তাৰোপৰি সপ্তাহত দুদিন/তিনিদিন পাঠ গ্ৰহণ কৰি কণমানিসকল উপকৃত হ’ব বুলিও নাভাবো। শিক্ষক কৰ্মচাৰীসকলৰ কৰ’না টেষ্ট বাধ্যতামূলক কৰা হৈছে, ছাত্ৰ-ছাত্ৰীসকলৰ কৰা হোৱা নাই। যদি ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো কৰ’না আক্ৰান্ত কোনোবাজন থাকে, তেনেহ’লে? যদি কৰ’না এক ভয়াৱহ ব্যাধি, তেনে শিশুসকলৰ সুৰক্ষাৰ প্ৰশ্ন আগত, তাৰ পিছতহে শিক্ষা… দেশৰ ভৱিষ্যত নাগৰিকসকলৰ সুৰক্ষাৰ পৰিপ্ৰেক্ষিতত এটা শিক্ষাবৰ্ষ নষ্ট হোৱাটো কোনো ডাঙৰ কথা নহয়। লগতে কোৱা হৈছে কণমানিহঁতৰ উপস্থিতি ধৰাবন্ধা নহয়, অৰ্থাৎ কোনোবা যাব আৰু কোনোবা নোযোৱাকৈও চলিব, এই নীতি কোনোপধ্যে সমৰ্থনযোগ্য নহয়।এটা শিক্ষাবৰ্ষত যিমানখিনি অৰ্হতা এজন ছাত্ৰই আয়ত্ব কৰিব লাগে, সেইখিনি এনেধৰণৰ শিক্ষা ব্যৱস্থাৰে সম্ভৱ হ’বনে? বিদ্যালয়খনৰ ওচৰে-পাজৰে যদি কোনো কোৱাৰেইণ্টাইন চেণ্টাৰ থাকে, তেনেহ’লে ব্যৱস্থা কেনে ধৰণৰ হ’ব? সম্পূৰ্ণ বিধিগত প্ৰক্ৰিয়াৰে বিদ্যালয়সমূহৰ বাহিৰ-ভিতৰ চেনিটাইজড কৰা হৈছেনে, তাৰ স্পষ্ট নিৰ্দেশনা জাৰী কৰা হৈছেনে? মুকলি ঠাইত পাঠদানৰ প্ৰসংগও উল্লেখ কৰা হৈছে, তেনে স্বাস্থ্যসন্মত আৰু সামাজিক দূৰত্ব মানি চলিব পৰা উপযুক্ত স্থান থকা বিদ্যালয় কেইখন আছে? মুঠতে পহিলা ছেপ্তেম্বৰৰ পৰা কণমানিহঁতক বিদ্যালয়লৈ পঠোৱা প্ৰসংগটোত এশ এবুৰি প্ৰশ্ন জড়িত হৈ আছে। সেই প্ৰশ্নসমূহৰ সদুত্তৰ নোপোৱালৈকে কণমানিহঁতক বিদ্যালয়লৈ পঠোৱা অনুচিত বুলি মতপোষণ কৰোঁ।

1 Comment
  1. PoumSoush says

    priligy buy She sleeps a lot during the afternoon with an occasional trip outside to journey around and even gives me a few runs to the door after doing her business like her old self

Leave A Reply

Your email address will not be published.