Breaking

প্ৰিয়ংকাৰ ৰেকৰ্ড ভংগ শ্ৰদ্ধা কাপুৰৰ! বলীউডৰ শীৰ্ষ পাঁচগৰাকী অভিনেত্ৰীৰ তালিকাত শ্ৰদ্ধাৰ নাম…

1 13

‘ষ্ট্ৰী ২’ৰ পিছতে শ্ৰদ্ধা কাপুৰেও পিছ পেলাইছে গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক। অভিনয়ৰ ক্ষেত্ৰত তেওঁ যে সকলোতকৈ কম নহয়, সেই কথা তেওঁ প্ৰমাণ কৰিছে। ছবিখনৰ সফলতাৰ লগে লগে শ্ৰদ্ধাই বলীউডৰ শীৰ্ষ পাঁচগৰাকী অভিনেত্ৰীৰ তালিকাত নিজৰ নাম সংযোগ কৰিছে। সকলোৰে মুখত মাথোঁ ‘ষ্ট্ৰী ২’ৰ নায়িকা শ্ৰদ্ধাৰ নাম। বৰ্তমানো এই ছবিখনে সুন্দৰভাৱে উপাৰ্জন কৰিছে।

চলচ্চিত্ৰ জগতৰ সৰ্বকালৰ শীৰ্ষ অভিনেত্ৰীসকলৰ কথা ক’বলৈ গ’লে তেওঁলোকৰ ভিতৰত আছে দীপিকা পাডুকন, কেটৰিনা কাইফ, কৰীনা কাপুৰ খান, আলিয়া ভাট, প্ৰিয়ংকা চোপ্ৰা জোনাছ, আনহাতে শেহতীয়াকৈ শ্ৰদ্ধা কাপুৰৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই শীৰ্ষ অভিনেত্ৰীসকলৰ পিছত শ্ৰদ্ধা পঞ্চম শক্তিশালী নায়িকা। ‘ষ্ট্ৰী ২’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা শ্ৰদ্ধাই নিজৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ হিট ছবি উপহাৰ দিছে। এই ছবিখনৰ সংগ্ৰহ আছিল ১৬০৩.৮৭ কোটি টকা।


1 Comment
  1. tehorgo says

    4 mmHg lower in those taking triamterene SD 1 priligy dapoxetine buy

Leave A Reply

Your email address will not be published.