শ্ৰদ্ধা কাপুৰৰ নতুন গাড়ীখন মুম্বাইৰ ৰাজপথত দ্ৰুতগতিত চলি আছে। অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে শেহতীয়াকৈ ক্ৰয় কৰিছে এখন নতুন বিলাসী গাড়ী Lexus LM 350h। অভিনেত্ৰীগৰাকীৰ নতুন গাড়ীৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে।(Shraddha Kapoor)
দিনক দিনে বৃদ্ধি পাইছে বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ কেৰিয়াৰ গ্ৰাফ। শ্ৰদ্ধাই ইখনৰ পিছত সিখন চিনেমা পাইছে আৰু ইয়াৰ মাজতে তেওঁ এখন গাড়ী সংগ্ৰহ কৰিছে। বিলাসী গাড়ীৰ প্ৰতি অতি আকৰ্ষিত শ্ৰদ্ধা কাপুৰ। শেহতীয়াকৈ শ্ৰদ্ধা কাপুৰে ৪ আসনৰ আল্ট্ৰা লাক্সাৰী গাড়ী ক্ৰয় কৰিছে। গাড়ীখন লেক্সাছ ব্ৰেণ্ডৰ আৰু অভিনেত্ৰীগৰাকীয়ে ক্ৰয় কৰিছে ইয়াৰ এল এম ৩৫০এইচ মডেল। Lexus LM 350h ৰ মূল্য প্ৰায় ২.৯৩ কোটি টকা। এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।
শ্ৰদ্ধা কাপুৰৰ নতুন গাড়ীৰ আভাস মাত্ৰ কেইঘণ্টামানৰ পূৰ্বে মুম্বাইত দেখা গৈছিল। এই সময়ছোৱাত অভিনেত্ৰীগৰাকীক বিনা মেকআপত দেখা গৈছিল আৰু যিটো ভিডিঅ’ ভাইৰেল হৈছে তাত মানুহে তেওঁৰ সৰলতাক ভাল পাইছে। শ্ৰদ্ধা কাপুৰৰ নতুন ভিডিঅ’ তেওঁৰ জিমৰ বাহিৰৰ। এই ভিডিঅ’টোত দেখা শ্ৰদ্ধাৰ নতুন গাড়ীখনে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। শ্ৰদ্ধাৰ নতুন গাড়ীখনৰ ৰং ক’লা আৰু মানুহে তেওঁক অভিনন্দন জনাইছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘বাহ, ইখনৰ পিছত সিখন গাড়ী, অভিনন্দন শ্ৰদ্ধা।’ একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘অভিনন্দন শ্ৰদ্ধা মেম, এনেকৈ নতুন গাড়ী কিনি থাকিব।’
শ্ৰদ্ধা কাপুৰৰ বহু বিলাসী গাড়ীৰ মালিক। মাত্ৰ কেইমাহমানৰ আগতে শ্ৰদ্ধা কাপুৰে লেমবৰ্গিনি হুৰাকান টেকনিকা ক্ৰয় কৰিছিল যাৰ মূল্য প্ৰায় ৪ কোটি টকা। বিএমডব্লিউ ৭ ছিৰিজ, মাৰ্চিডিজ বেঞ্জ আৰু অ’ডি কিউ৭ বিলাসী গাড়ী অভিনেত্ৰীগৰাকীৰ আছে।