মাজবাটত শ্ৰব্য গীতৰ উন্মোচন

মাজবাটৰ ৰামানুজ বাগ ষ্টুডিঅত  দুপৰীয়া  এক বজাত শিক্ষক অৰুপ বৰুৱাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ওপৰত  লিখা আৰু সুৰ কৰা তথা মাজবাটৰ জনপ্ৰিয় শিল্পী ৰামানুজ বাগে কণ্ঠদান  কৰা এটি শ্ৰব্য গীতৰ উন্মোচন কৰে মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ-শিক্ষক ৰামকৰণ গোড়ে । শ্ৰব্য গীতটি উন্মোচন কৰি উন্মোচক ৰামকৰণ গোড়ে  কয় যে মাজবাটৰ দৰে এখন সৰু ঠাইত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ দৰে মহান শিল্পীৰ  ওপৰত লিখা  গীত এটি উন্মোচন কৰিবলৈ পায়  আপ্লুত হৈছোঁ। আগলৈ আৰু এনেকৈ নতুন নতুন ভাল ভাল গীতৰ সৃষ্টি কৰি অসমীয়া গীতৰ ভঁৰাল চহকী কৰক বুলি মন্তব্য কৰে উন্মোচক গৰাকীয়ে। সমাজকৰ্মী , নাট পৰিচালক তথা অভিনেতা জীৱন ডেকাই  আঁত ধৰা উন্মোচনী অনুষ্ঠানত সংযুক্ত নাট্য আৰু সাংস্কৃতিক গোষ্ঠী মাজবাটৰ সম্পাদক মুনীন্দ্ৰ কলিতা , মাজবাট মহাবিদ্যালয়ৰ অধ্যাপিকা মিনতি কলিতা পাটোৱাৰী আৰু ৰিংকু দাস , মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ-শিক্ষক হেমন্ত মাহাতো আৰু সুকমল কোচলা , গীতটোত কণ্ঠদান কৰা ৰামানুজ বাগ আদিৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Articles