Breaking

ছয়গাঁওত শ্যামল দত্তৰ প্ৰচাৰ তুংগত : শংকিত কৰি তুলিছে মিত্ৰজোঁট আৰু মহাজোটৰ প্ৰাৰ্থীক

0 2,033

সম্প্ৰতি কামৰূপ জিলাত নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰিছে ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থীয়ে। এই ক্ষেত্ৰত জিলা খনৰ ৪৯ নং ছয়গাঁও বিধানসভা সমষ্টিত স্বচ্ছ আৰু নিকা প্ৰশাসনৰ শ্লোগানেৰে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী শ্যামল দত্তই। উল্লেখ্য যে ; অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ অন্যতম সমষ্টি ৪৯ নং ছয়গাঁও বিধানসভা সমষ্টিত ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে যুৱ নেতা তথা সমাজ কৰ্মী শ্যামল দত্তক। ইতিমধ্যে যুৱ সমাজ কৰ্মী শ্যামল দত্তই ছয়গাঁও সমষ্টিৰ ভিন্ন প্ৰান্তত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সমাজ সংগঠনৰ লগত জড়িত হৈ পৰিছে। ছয়গাঁও সমষ্টিৰ অন্তৰ্গত এলেকাত বিভিন্ন সংগঠন ; সামাজিক অনুষ্ঠান আৰু ৰাজনৈতিক ভাৱে সচেতন ব্যক্তি বিশেষৰ লগত জড়িত হৈ নিজৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে উঠি পৰি লাগিছে দত্তই। যুৱ সমাজ কৰ্মী শ্যামল দত্তই সমষ্টিৰ ভিন্ন জাতি জনগোষ্ঠীৰ লগতে বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ভোটাৰৰ কাষত ঠিয় হৈ সহায় সহযোগ কামনা কৰাৰ লগতে ভোটাৰৰ সমস্যা সমাধানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। শ্যামল দত্তই জনোৱা মতে প্ৰতিদিনৰ দৰে আজিও প্ৰাৰ্থী গৰাকীয়ে ছয়গাঁও সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু জনবসতি এলেকা শিঙিমাৰী আৰু বনগাঁও কেম্প অঞ্চলৰ উপৰিও গাৰো জনগোষ্ঠীৰ বসতি প্ৰধান অঞ্চল পাৰুগাও ; কিনান গাওঁ ; আমেৰেনকোণা ; শান্তিপুৰ ; বৰখাল ; ভূটাৰগাড়ী আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই।নেতা গৰাকীৰ উপস্থিতিত কেৱাশতাধিক বেংগলী ভোটাৰৰ উপৰিও ভিন্ন জাতি জনগোষ্ঠীৰ ভোটাৰে যুৱ কৰ্মী জনৰ ওচৰত অংশগ্ৰহণ কৰি নিৰ্বাচনত সহায় সহযোগ কৰাৰ লগতে জয়ী কৰাৰ দায়িত্ব লয়। ইফালে ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী শ্যামল দত্তৰ প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হোৱাত মিত্ৰজোঁট আৰু মহাজোটৰ প্ৰাৰ্থীকে ধৰি দলীয় কৰ্মী সকল সংকিত হৈ পৰিছে বুলি জানিব দিয়ে প্ৰাৰ্থী গৰাকীয়ে। সম্প্ৰতি যুৱ প্ৰজন্মৰ জনপ্ৰিয় নেতা দত্তৰ কাষত ঠিয় দিছে যুৱ ভোটাৰ সকল।

Leave A Reply

Your email address will not be published.