Breaking

প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টিক সংৰক্ষণমুক্ত কৰি খচৰা প্ৰকাশ কৰাত চিচিবৰগাঁও, চিলাপথাৰত আনন্দ…

0 99

ভাৰতৰ নিৰ্বাচনী আয়োগৰ দ্বাৰা অসমৰ লোক সভা আৰু বিধানসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্দ্ধাৰণৰ প্ৰস্তাৱিত তালিকাৰ খচৰা প্ৰকাশ কৰা লগে লগে চিচিবৰগাঁও, চিলাপথাৰৰ লগতে ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ ৰাইজে নিৰ্বাচনী আয়োগ আৰু অসম তথা ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।

চিচিবৰগাঁও, চিলাপথাৰত নিশা ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে। ৫৩ শতাংশ অজনজাতি লোকে বসবাস কৰা ধেমাজি জিলাৰ দুয়োটা সমষ্টি ক্ৰমে জোনাই আৰু ধেমাজি বিধানসভা সমষ্টি দুয়োটা জনজাতিৰ বাবে সংৰক্ষিত হৈ থকা বাবে দীৰ্ঘদিন ধৰি জিলাখনৰ পৰা অজনজাতি লোকে প্ৰতিনিধিত্ব কৰিব পৰা নাছিল।

সেয়েহে ধেমাজি জিলাৰ অজনজাতি ৰাইজে দীৰ্ঘদিন ধৰি জিলাখনত নতুনকৈ সৃষ্টি কৰিব লগীয়া চিচিবৰগাঁও বিধানসভা সমষ্টিটো সংৰক্ষণ মুক্ত কৰাৰ দাবী জনাই আহিছিল। ২০০৬ চনত প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণ কৰি খচৰা প্ৰকাশ হোৱাত এই প্ৰক্ৰিয়া বিৰোধিতা কৰি সমগ্ৰ জিলাতে ব্যাপক আন্দোলন হৈছিল।

মঙলবাৰে প্ৰকাশিত খচৰাত প্ৰস্তাৱিত চিচিবৰগাঁও সমষ্টিক সংৰক্ষণমুক্ত কৰি নিৰ্বাচন আয়োগে প্ৰকাশ কৰা লগে লগে চিচিবৰগাঁও, চিলাপথাৰত বিভিন্ন দল সংগঠন, ৰাইজে আনন্দ প্ৰকাশ কৰে।

চিচিবৰগাঁও সমষ্টিক সংৰক্ষণমুক্ত মুক্ত কৰা দাবীত নেতৃত্ব বহন কৰা চিচিবৰগাঁও সংৰক্ষণমুক্ত বিধানসভা দাবী সমষ্টি সমিতিয়ে তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতৰ নিৰ্বাচনী আয়োগৰ লগতে অসম তথা ভাৰত চৰকাৰ আৰু এই কাৰ্যত সহযোগ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে বুলি চিচিবৰগাঁও সংৰক্ষণমুক্ত বিধানসভা সমষ্টি দাবী সমিতিৰ সভাপতি তিলক ফুকন, কাৰ্যকৰী সভাপতি ক্ষীৰোদ ভূঞা, উপ সভাপতি ৰাজীৱ গগৈ, সাধাৰণ সম্পাদক মৃদুপৱন চুতীয়া আৰু দুলাল বৰুৱা, সম্পাদক গিৰিণ চুতীয়া, সংগ্ৰাম সমিতিৰ ৰূদ্ৰ ভূঞা, তিম চুতীয়া, তপন শইকীয়া আদিয়ে জানিবলৈ দিছে । ৰাইজে ফটকা ফুলজাৰি জ্বলাই আনন্দ প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.