সাংকেতিক ভাষা বুজিব পৰা যন্ত্ৰ আৱিষ্কাৰ কৰিলে কুৰি বছৰীয়া ভাৰতীয় ছাত্ৰীয়ে

মুক-বধিৰ সকলক কোনো একোটা বিষয়ৰ কথা বুজোৱাতো কিমান কষ্টকৰ সেয়া এই বিষয়ৰ সৈতে জৰিত সকলেহে ভালদৰে অনুভৱ কৰিব পাৰে। কিন্তু এই সমস্যাৰ এক উজু সমাধান উলিয়াবলৈ সক্ষম হৈছে এগৰাকী কুৰি বছৰীয়া ছাত্ৰীয়ে। যিসকলে সঠিকভাৱে কথা ক’ব নোৱাৰে বা শুনা নাপায় তেওঁলোকক সাংকেতিক ভাষাৰে বহু কথা বুজাব পাৰি। লক্ষ্যণীয় কথাটো হ’ল এই সাংকেতিক ভাষা আকৌ সকলোৰে বাবে বোধগম্য নহয়। এনে সমস্যাৰে সমাধান উলিয়াইছে এগৰাকী ছাত্ৰীয়ে। দিল্লীস্থিত অভিযান্ত্ৰিক শাখাৰ ছাত্ৰী প্ৰিয়াঞ্জলী গুপ্তাই এটা এআই মডেল সৃষ্টি কৰিছে। যিটো যন্ত্ৰৰ জৰিয়তে সহজতে সাংকেতিক ভাষা বুজিব পৰা যাব।

তামিলনাডুৰ ভেলোৰ ইনষ্টিটিউট অৱ টেকন’লজীৰ ছাত্ৰী প্ৰিয়াঞ্জলীয়ে বৰ্তমান অভিযান্ত্ৰিক শাখাত অধ্যয়ন কৰি আছে। প্ৰিয়াঞ্জলিৰ মাক দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা আৰু তেওঁৰ দেউতাকে স্পাইচজেটত কৰ্মৰত। কন্যাৰ নৱতম সৃষ্টিৰ বিষয়ে প্ৰিয়াঞ্জলীৰ মাকে কয়— “আজিকালি মানুহে বহুতো ষ্টাৰ্টআপ কৰি আছে, উদ্ভাৱন কৰি আছে, মোৰ কন্যা অভিযান্ত্ৰিক শাখাত অধ্যয়নৰত ছাত্ৰী, তেঁৱো কিবা কৰা উচিত বুলি আমি ভাবিছিলো।” ২০ বছৰীয়া প্ৰিয়ঞ্জলীয়ে কয় যে তেওঁ আৱিষ্কাৰ কৰা এলেক্সা ডিভাইচটোৱে বিশেষ নিৰ্দেশ গ্ৰহণ কৰিব পাৰে। এজন ব্যৱহাৰকাৰীয়ে কথা কয় তেতিয়া লগে লগে যন্ত্ৰটোৱে সেই সাংকেতিক ভাষাৰ তৰ্জমা কৰিব পাৰে। প্ৰিয়াঞ্জলীয়ে ২০২১ চনৰ ফেব্ৰুৱাৰীত এই যন্ত্ৰ উদ্ভাৱনৰ কাম হাতত লৈছিল।

তেওঁ যোৱা বছৰৰ ডিচেম্বৰত কম্পিউটাৰৰ সহায় লৈ যন্ত্ৰটোৰ উন্নয়ন সাধিবলৈ সক্ষম হৈছিল। তেওঁৰ এই প্ৰকল্পটো এতিয়াও প্ৰাৰম্ভিক পৰ্যায়তে আছে বুলি মন্তব্য কৰি প্ৰিয়াঞ্জলীয়ে কয় যে যন্ত্ৰটোৱে সঠিক ভাবে কাম কৰি আছে আৰু ইয়াক পূৰ্ণাংগ ৰূপ দিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। নিঃসন্দেহে প্ৰিয়াঞ্জলীৰ এই আৱিষ্কাৰ এক যুগান্তকাৰী আৱিষ্কাৰ হিচাবে পৰিগণিত হ’ব।

Related Articles