গুৱাহাটী, ১৭ অক্টোবৰ: অসমীয়াৰ তিনি বিহুৰ অন্যতম হ’ল এই কাতি বিহু বা কঙালী বিহু। তিনিওটা বিহুৰ মাজৰ এই কাতি বিহুৰো আছে নিজস্ব তাৎপৰ্য ৷ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিগৰাকী চহা অসমীয়া। তুলসীৰ তলৰ চাকি, আকাশবন্তিৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰৰ পৰা সিমূৰ। জানো আহক এই কাতি বিহুৰ সৈতে জড়িত হৈ থকা পৰম্পৰা আৰু ইয়াৰ ৰীতি-নীতিসমূহ(Significance of Kati Bihu) –
ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই অসমীয়া লোক সমাজে পালন কৰি আহিছে কাতি বিহু । এই বিহুৰ সৈতে সাঙোৰ খাই আছে অসমীয়াৰ জাতীয় কৃষ্টি-সংস্কৃতিকে ধৰি বিভিন্ন পৰম্পৰা ।
কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে অসমীয়া জনজীৱনক প্ৰদান কৰি আহিছে সুকীয়া মৰ্যাদা । চহা অসমীয়াই বহাগ আৰু মাঘ বিহুৰ দৰেই মৰম আৰু চেনেহৰ উমেৰে আদৰে কাতি বিহুক । কাতি বিহুৰ সৈতে তাহানিৰে পৰা নিবিড়ভাৱে জড়িত হৈ আছে কৃষিকৰ্ম সম্পৰ্কীয় বিভিন্ন বিশ্বাসৰ লগতে ধৰ্মীয় বিশ্বাস ।
কাতি বিহুৰ তাৎপৰ্য-
সাধাৰণতে অসমত জেঠ, আহাৰ, শাওণ মাহ হৈছে খেতিৰ বতৰ । মূৰৰ ঘাম মাটিত পেলাই হাড়ভঙা কষ্টেৰে খেতিয়কসকলে পথাৰত ভূঁই ৰুই শেষ কৰে । মনত থাকে অফুৰন্ত আশা, এদিন সোণগুটিৰে ভঁৰাল ভৰিব, অন্ত পৰিব হ’ব আকালৰ দিন । নিজৰ খেতিডৰাতেই সকলো সপোন দেখা প্ৰতিগৰাকী খেতিয়ক শৰতৰ বতৰত হৈ পৰে উৎফুল্লিত । কিয়নো পথাৰৰ লাগি থকা গাখীৰতী ধানৰ থোকবোৰে বতাহত হালিবলৈ আৰম্ভ কৰে ৷
এই সময়তে পথাৰৰ শস্য নষ্টকাৰী কীট-পতংগৰো উপদ্ৰৱ বেছি হৈ পৰে ৷ পোক-পৰুৱা, চৰাই-চিৰিকটি আদিৰ লগতে প্ৰাকৃতিক উপসৰ্গসমূহে লহপহকৈ বাঢ়ি অহা ধাননিডৰা যাতে বিনষ্ট কৰিব নোৱাৰে, তাৰ বাবে খেতিয়কসকল বহু পৰিমানে সজাগ হৈ থাকে । শস্যৰ ৰক্ষাৰ বাবে বিভিন্ন বিধি-বিধান পালন কৰে ।
অৱশ্যে অসমীয়া ৰাইজে এই কাতি বিহুটি ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰূপত অনুষ্টুপীয়াকৈহে পালন কৰে । কিয়নো এই সময়চোৱাত অধিকভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ-অনাটনে কৃষক ৰাইজক হেঁচা মাৰি ধৰে । সেয়েহে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয় ৷ কিন্তু এই অনাতনৰ মাজতো অতীজৰে পৰা কৃষিজীৱী গঞাই শস্যৰ সুৰক্ষাৰ লগতে সকলোৰে মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে কাতি বিহু ।
ডাকৰ বচনত আছে, ‘‘আহিনে কাতিয়ে ৰাখিবা পানী, যেনেকৈ ৰাখে ৰজাই ৰাণী ।’’ শস্যৰ সুৰক্ষা আৰু শ্ৰীবৃদ্ধিৰ বাবে মান্ধাতা যুগৰ পৰাই অগ্নি অৰ্থাৎ জুইৰ ব্যৱহাৰ খেতিয়কসকলৰ প্ৰধান সাৰথি হিচাপে প্ৰচলিত হৈ আহিছে । কালক্ৰমত এই বৃহৎ জুইকুৰা সীমিত হৈ মাটিৰ চাকিৰ ৰূপ লোৱা বুলি ধাৰণা কৰিব পাৰি । এই মাটিৰ চাকিগছিক কৃষক ৰাইজে কাতি বিহুৰ দিনা শইচৰ পথাৰত সভক্তিৰে জ্বলাই আই লক্ষ্মীক আৱাহন কৰে ।
কাতি বিহুৰ দিনা প্ৰতিঘৰ অসমীয়াই নিজৰ ঘৰ-দুৱাৰ, আলি-পদূলি আদি পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ঘৰৰ চৌপাশ সুন্দৰ কৰি ৰাখে । লোক বিশ্বাস অনুসৰি, কাতি বিহুৰ দিনা ঘৰ-দুৱাৰ, পদূলি-চোতাল আদি চাফা হৈ থাকিলেহে লক্ষ্মীদেৱীয়ে গৃহস্থৰ ঘৰত প্ৰৱেশ কৰে ।
আহিনৰ শেষৰো দিনটোত প্ৰতিঘৰ অসমীয়াৰ চোতালৰ আগত বা ভঁৰালৰ কাষত নতুন মাটিৰে ঢিপ তুলি তাত এটি তুলসী পুলি ৰুই ভেটিটো মচি-কাচি নিকা কৰি লয় । সন্ধিয়ালৈ এই তুলসী তলৰ উপৰিও গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, হাঁহ-ছাগলীৰ গঁড়াল আদিৰ সন্মুখত মাটিৰ চাকি জ্বলোৱা হয় । গ্ৰাম্যাঞ্চলৰ পথাৰবোৰত মাটিৰ চাকিৰ পৰিৱৰ্তে বহুতে অৱশ্যে অমিতাক দুভাগ কৰি ফাল বা ঔটেঙাৰ বকলা ব্যৱহাৰ কৰিও চাকি জ্বলায় ।
আবেলিলৈ ঘৰখনৰ খেতিয়কজন অথবা পৰিয়ালৰ কোনো এজনে এবাৰ পথাৰ খন চাই অহাৰ নিয়ম । নহ’লে লখিমীয়ে গিৰিহঁত নাই বুলি ভাবি তেনে ব্যক্তিৰ ঘৰলৈ লখিমীৰ আগমন নহয় । ফলত তেনে লোকৰ ঘৰত আকাল, দুখ-কষ্টই আঁৱৰি ধৰে । সেয়ে ঘৰৰ মূল সদস্যগৰাকীয়ে হাতত কাঁচি লৈ ধাননীডৰা এবাৰ চাবলৈ যায় । তাৰোপৰি লগত নিয়া তিনিখন থুৰিয়া তামোল আগলি কলপাতত আগবঢ়াই ধাননি পথাৰত সেৱা লয়, আই লখিমীক গৃহলৈ জনায় আমন্ত্ৰণ । অজ্ঞাতে কৰা দোষ-ক্ৰুটিৰ বাবে বিচাৰে মাৰ্জনা।
সন্ধিয়া হোৱাৰ লগে লগে আৰম্ভ হয় বন্তি প্ৰজ্বলন । পথাৰত ওখকৈ বাঁহৰ গোজ পুতি মাটিৰ চাকি, অমিতাৰ ফাল অথবা ঔটেঙাৰ বকলাত চাকি জ্বলাই শস্যডৰা ভাল হোৱাৰ কামনা কৰে প্ৰতিগৰাকী চহা অসমীয়াই । ঘৰত ভঁৰালত এটা দুনৰিত কেঁচা পিঠাগুৰি, কল, থুৰিয়া তামোল, এঘটি পানীসহ মাটিৰ চাকি জ্বলাই লখিমী আইলৈ বুলি উছৰ্গা কৰে ।
কাতি বিহুৰ আটাইতকৈ মনোৰম আৰু উপভোগ্য অনুষ্ঠানটো হৈছে তুলসী তলৰ গধূলি । আধ্যাত্মিক নীতি-নিয়মেৰে ভৰপূৰ এই অনুষ্ঠানতধূপ-ধূনাৰ সুবাসেৰে মাহ-প্ৰসাদৰ শৰাই আগবঢ়াই তুলসী দেৱীৰ নাম লোৱা হয় । গ্ৰাম্যাঞ্চলৰ প্ৰতিটো চুবুৰীৰ পৰা ভাহি অহা হৰিনামৰ ধ্বনিয়ে আকশ-বতাহ কঁপাই তোলে । ঘৰে ঘৰে গৈ ল’ৰা-ছোৱালীহঁতে তুলসীৰ তলত নাম গাই প্ৰসাদ গ্ৰহণ কৰে ৷
এক কথাত কবলৈ গলে এই কাতি বিহুক কেন্দ্ৰ কৰি আমাৰ সমাজত যিমানবোৰ পৰম্পৰা প্ৰচলিত হৈ আছে সকলোতে যুক্তি নিষ্ঠতা নিহিত হৈ আছে । কাতিৰ উদং ভঁৰালে খেতিয়কৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তোলে । সেয়েহে মানসিক অৱস্থাও মানুহৰ ভালে নাথাকে । খং-ৰাগে আমনি কৰে । সেয়ে হয়তো কোনোবা অতীততে মানুহৰ মন সংযমী আৰু নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কাতি বিহুৰ সৈতে এনে ধৰ্মীয় নীতি-নিয়মবোৰ সমাজ ব্যৱস্থালৈ আনিছিল আমাৰ উপৰিপুৰুষসকলে ।
শস্য সুৰক্ষাৰ ব্যৱস্থা কৃষকে সমাজে যিদৰে কৰি আহিছে সিয়েই হ’ল কাতি বিহুৰ সাম্প্ৰতিক ৰূপ । কঙাল বা অভাৱ-অনাটনৰ দিনত এই বিহু উদযাপিত হ’লেও ইয়াৰ প্ৰাসংগিকতাক এৰাই চলিব নোৱাৰি ।