Breaking

কুহিয়াৰ আৰু নেমু খেতিৰ উৎপাদনত কৃষি বিভাগৰ উল্লেখনীয় পদক্ষেপ…

0 62

অসমৰ কৃষি বিভাগে সমগ্ৰ ৰাজ্যখনতে কুহিয়াৰ আৰু সুগন্ধিযুক্ত নেমুখেতিৰ উৎপাদনৰ বাবে বিশেষ আঁচনি গ্ৰহন কৰিছে৷ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজন আঁচনিৰ অধীনত গ্ৰহন কৰা এই আঁচনিখনৰ অধিনত শোনিতপুৰ জিলাত বিভিন্ন জাতৰ কুঁহিয়াৰ আৰু অলপতে জাতীয় ফল হিচাপে ঘোষণা কৰা কাজি নেমুৰ উন্নয়নতো কৃষি বিপনন পৰিষদ আৰু কৃষিবিভাগে বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ জিলাখনৰ ১৫টা কৃষি চক্ৰৰ ১১টাতে কুঁহিয়াৰৰ উন্নত জাতৰ বীজ বিতৰণ কৰা হৈছে আৰু RKVY আচনিৰ দ্বাৰা ৫৫ হেক্টৰ কৃষিভূমিত কুহিঁয়াৰৰ উন্নত জাতৰ বীজ প্ৰদান কৰা হৈছে বুলি শোনিতপুৰৰ জিলা কৃষি বিষয়া পঙ্কজ শইকীয়াই চাকৰিৰ পৰা অবসৰ গ্ৰহণ কৰাৰ দিনা এই সংবাদ দাতাৰ আগত ব্যক্ত কৰে ৷

তেওঁ কয় যে জিলাখনৰ পৰোৱা বেচেৰীয়া বিহগুৰি পৰ্বতীয়া আৰু বিশেষকৈ তেজপুৰৰ তল গেৰেকীৰ সোৱাদযুক্ত লালি গুৰুৰ খেতিয়ে ৰাজ্যখনত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ এই বিষয়ত উন্নত প্ৰজাতিৰ ICAR ৰ দ্বাৰা অনুমোদিত COP—2061আৰু Up—09453 জাতৰ কুঁহিয়াৰৰ বীজ ৰোপণৰ বাবে খেতিয়কক বিনামূলীয়াকৈ আগবঢ়াোৱা হৈছিল আৰু বৰ্তমানৰ খেতি চপোৱাৰ বতৰত ইয়াৰ উৎপাদন দুগুণে বৃদ্ধি পাইছে৷ জিলা কৃষি বিষয়াগৰাকী য়েচলিত বষতে জিলাখনৰ কুঁহিয়াৰৰ খেতিয়ক সকলে মুঠ ৩৭৭৫ কুইন্টল সোৱাদযুক্ত গুৰুৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে বুলিও এক তথ্য দাঙি ধৰে ৷

তেওঁ কয় যে এই বাৰ উৎপাদন অধিক হোৱাৰ আশা কৰা হৈছে যদিও বতৰৰ পৰিবেশৰ পৰিবৰ্তন আৰু বানপানীৰ কৱলত পৰা বিস্তীৰ্ণ কৃষি কৰ্মৰ উপযোগী ভুমি বিশেষকৈ নৈ -কাষৰীয়া চাপৰিৰ বেছেৰীয়া, বিহগুৰি, ঝাৰনী – চাপৰীৰ ভুমিও গঢ়া খহনীয়াৰ কৱলত পৰি বহু কুহিয়াৰৰ খেতি বিনস্ট কৰিছে

আনহাতে এইবাৰৰ বিধান সভাত অসমৰ সুগন্ধিযুক্ত কাজিনেমুক “জাতীয় ফল“ হিচাবে ঘোষণা কৰাৰ পিছত উদ্যান শস্য বিভাগৰ উদ্যোগত নেমুখেতিৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহন কৰিছে ৷ নিৰ্বাচিত কৃষকক কৃষি বিজ্ঞান কেন্দ্ৰত বিজ্ঞান ভিত্তিত প্ৰশিক্ষণ প্ৰদান কৰাৰো কাৰ্যসূচী লোৱা হৈছে বুলি উল্লখ কৰে৷ ইতিমধ্যে দ-পৰ্বতীয়া আৰু জামুগুৰিৰ বিভিন্ন প্ৰজাতিৰ নেমুখেতিৰ লগত জড়িত কৃষকৰ কৃষিভুমিত বিভাগৰ তৰফৰ পৰা ভৱিষ্যতে অধিক উৎপাদন সন্দভত জৰীপ চলোৱা হৈছে বুলিও জিলা কৃষি বিষয়া গৰাকীয়ে চাকৰিৰ অবসৰৰ দিনা সাংবাদিকৰ আগত এই তথ্য দাঙি ধৰে ৷

Leave A Reply

Your email address will not be published.