Breaking

ডিমাকুছিত ৰূপালী জয়ন্তী বড়োলেণ্ড গেলেন্টছ গল্ডকাপ ফুটবল

0 595

ডিমাকুছি আঞ্চলিক এবছু আৰু ডিমাকুছি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ হৈছে ৰূপালী জয়ন্তী বৰ্ষ গৰকা বড়োলেণ্ড গেলেন্টছ গল্ডকাপ ফুটবল টুৰ্ণামেন্ট। ডিমাকুছি ষ্টেডিয়ামত আজি  প্ৰতিযোগিতা খন  উদ্ধোধন কৰে অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলেয়ে। উদ্ধোধনী মেচত চিৰাং দুৱাৰ এফ চিয়ে কালিংপঙ জৰ্জিয়ান এফ চিক ২- ০ গ’লত পৰাস্ত কৰে।  খেলখনত চিৰাং দুৱাৰ এফ চিৰ মিথিংগা দৈমাৰীয়ে ১৩ মিনিটত এটা গ’ল দিয়ে। পিচত ৫১ মিনিটত লাভ ফ্ৰী কিকৰ সহায়ত ডিডম হাজোৱাৰীয়ে আন এটা গ’ল দিয়ে। চিৰাং দুৱাৰ এফ চিৰ মিথিংগা দৈমাৰীক উদ্ধোধনী মেচৰ  শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাৰে পুৰস্কৃত কৰা হয়। তিনি সহশ্ৰাধিক দৰ্শকে উপভোগ কৰা খেলখনত  বি টি চিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাউবাইছা বড়ো, বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত বড়ো, ডিমাকুছি কলেজৰ অধ্যক্ষ জৌংছাৰ বসুমতাৰী, অসম ফুটবল সন্থাৰ উপ- সভাপতি  লক্ষীৰাম বড়ো, এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰী , এবছুৰ অধ্যক্ষ জনক উজিৰ আদি ভালেসংখ্যক অতিথি উপস্থিত থাকে।

খেলৰ আৰম্ভণিতে জৌশ্ৰাং বড়োৱে ৰচনা কৰা ৰূপালী জয়ন্তীৰ থিম চং পৰিবেশ কৰে শিল্পী ফুকন বড়ো আৰু নীতা বড়োৱে। কাইলৈ শ্বিলং লাবান এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ডিমাকুছি উশ্বু ক্লাব। 

Leave A Reply

Your email address will not be published.