Breaking

নগাঁৱৰ শংকৰ নগৰ সাৰ্বজনীন নামঘৰ-কৃষ্টি বিকাশ কেন্দ্ৰৰ ৰূপালী জয়ন্তী বর্ষ সমাৰোহ, ভাগৱত শোভাযাত্ৰাৰে মুখৰিত হয়বৰগাঁও…

0 23

নগাঁৱৰ হয়বৰগাঁৱস্থিত শংকৰ নগৰ সাৰ্বজনীন নামঘৰ আৰু কৃষ্টি বিকাশ কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যক্ৰমণিকাৰ উদ্বোধনী সমাৰোহ কালি দুদিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভণি ঘটে। কাৰ্যসূচী অনুসৰি কালি পুৱা ৯.৩০ বজাত ধর্মধ্বজা উত্তোলনৰ লগতে ৰূপালী জয়ন্তী বর্ষ উদযাপন উপলক্ষে ২৫ জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৫ খন ধর্মধ্বজা উত্তোলনৰ দ্বাৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। মুখ্য উত্তোলক হিচাপে অংশ গ্ৰহণ কৰে ৰূপালী জয়ন্তী বর্ষ উদযাপন সমিতি তথা শংকৰ নগৰ সাৰ্বজনীন নামঘৰ-কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি বল্লদেব শর্মাই। ইয়াৰ পিছতে স্মৃতি তর্পণ অনুষ্ঠানত মুখ্য তর্পক হিচাপে অংশগ্রহণ কৰে অনুষ্ঠান প্ৰাক্তন সভাপতি উপেন শইকীয়া আৰু প্ৰতিষ্ঠাপক সম্পাদক আৰু প্রাক্তন সভাপতি নৰেন্দ্ৰ নাথ বড়োয়ে। ইয়াৰ অন্তত অঞ্চলৰ ৰাইজ আৰু সৃষ্টি- কৃষ্টি সাংস্কৃতিক গোষ্ঠী, বৰভেটিৰ সহযোগত ‘ভাগৱত শোভাযাত্রা’ উলিওৱা হ’য়। শোভাযাত্রা মুকলি কৰে নগাঁও জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱাই।

পুৱা ১১ বজাত জামুগুৰি গাঁৱৰ নিবাসী, নামাচাৰ্য বীৰেন চন্দ্র নাথ আৰু তেখেতৰ সহযোগীসকলৰ পৰিচালনাত খোল প্রসঙ্গ আৰু নামপ্রসঙ্গ অনুষ্ঠিত হ’য়। বিয়লি ৪ বজাত কৃষ্টি বিকাশ কেন্দ্ৰৰ ন-পুৰণি সদস্য, দাতা আৰু শুভাকাংক্ষীসকলৰ মত বিনিময় আৰু সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া তথা শ্রীমন্ত শঙ্কৰ মিশ্যনৰ সভাপতি প্রেমেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিতব্য অনুষ্ঠানত প্রাক্তন মন্ত্রী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ ধনঞ্জয় কুশ্রে, ধিং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ শৰৎ দত্তই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে। সন্ধিয়া ৰূপালী জয়ন্তী বর্ষ উপলক্ষে ২৫ গছি বন্তি প্রজ্বলন কার্যসূচী মুকলি কৰে পাঠক গোলোক শইকীয়া, আন্তঃৰাষ্ট্ৰীয় চিত্রশিল্পী গকুল চেত্ৰী আৰু নামঘৰ সমিতিৰ সম্পাদক পৰমেশ্বৰ দাসে। ইয়াৰ পিছতে মণিকাঞ্চন শিল্পী সমাজৰ দলপতি, বিশিষ্ট শিল্পী মালাশ্রী হাজৰিকাৰ নেতৃত্বত দিহানাম পৰিৱেশন কৰা হয়।এই অনুষ্ঠান উদ্বোধন কৰে সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ সভাপতি প্রতাপ হাজৰিকাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ‘কলংপাৰ’ কাকতৰ সম্পাদক ভবেন বৰা।

দ্বিতীয় দিনাৰ পুৱা মূখ্য অনুষ্ঠান ভাগৱত পাঠৰ শুভাৰম্ভণি ঘটে। এই ভাগৱত পাঠত মূল পাঠক হিচাপে অংশ লয় প্রবীণ কলিতা, নির্মল হাজৰিকা, টংকেশ্বৰ বৰা আৰু গিৰিধৰ বর্মণে। ভাগৱত পাঠত ভালেসংখ্যক ৰাইজ দৰ্শক-শ্ৰোতা ৰূপে উপস্থিত থাকে। সন্ধিয়া ৬ বজাত ভাগৱত পাঠৰ সামৰণি, প্রসাদ বিতৰণ আৰু আহাৰ গ্রহণেৰে কাৰ্যসূচীৰ সফল পৰিসমাপ্তি ঘটে।

Leave A Reply

Your email address will not be published.