Breaking

Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং

29

মঞ্চখনেই মন্দিৰ, অৰিজিতে ক’লে দৰ্শকক! আনহাতে দৰ্শকৰ অৰিজিতলৈ প্ৰশ্ন, আপুনি কিয় ভৰিত জোতা পিন্ধিছে।(Arijit Singh)

বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙৰ গান শুনি ভাল নোপোৱা ব্যক্তিৰ সংখ্যা হয়তো অতি কম। তেওঁ গান গালে অনুৰাগী আৱেগেৰে আৱৰি ধৰে। অৰিজিতৰ কণ্ঠৰ মধুৰতাত আকৰ্ষিত হৈ পৰে সকলো। শিশুৰ পৰা আৰম্ভ কৰি যুৱতী, মহিলা বৃ্দ্ধ সকলোকে অৰিজিতৰ গীতে আনন্দ দিয়ে।(Arijit Singh)

তেওঁৰ গীতে বিভিন্ন প্ৰজন্মক বান্ধি ৰাখিছে। শেহতীয়াকৈ তেওঁ লণ্ডনত এটা অনুষ্ঠানত পৰিৱেশন কৰি আছিল। গোটেই আগষ্ট মাহটোত অৰিজিতে ব্ৰিটেইনৰ বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল। কিন্তু হঠাৎ তেওঁ অসুস্থ হৈ পৰিছিল। ডিঙি বিষৰ বাবে আগষ্টৰ এই অনুষ্ঠানসমূহ বাতিল কৰি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰে। ১৫ ছেপ্টেম্বৰত অৰিজিতে লণ্ডনত প্ৰথমটো শ্ব’ পৰিবেশন কৰে। পিছৰ অনুষ্ঠানসমূহ বাৰ্মিংহাম, মানচেষ্টাৰ আৰু আন কেইটামান স্থানত। ব্ৰিটেইনৰ বিভিন্ন প্ৰান্তত ২২ ছেপ্টেম্বৰলৈকে চলিব অৰিজিতৰ এই অনুষ্ঠান।(।ondon)

অৰিজিতে তেওঁৰ লণ্ডনৰ দৰ্শকক সৌজন্যতাৰ পাঠ শিকাইছিল। সেই সময়ত অৰিজিতে মঞ্চত গীত গাই আছিল। মঞ্চৰ দুয়োকাষে থিয় হৈ থকা একাংশ দৰ্শকে আধা খোৱা খাদ্যৰ পেকেট আৰু পানীয় মঞ্চতে থৈ দিলে। অৰিজিতে দৰ্শকক একো নোকোৱাকৈ মনে মনে খাদ্য-পানীয়খিনি লৈ গ’ল। বিপৰীত ফালে থিয় হৈ থকা নিৰাপত্তাৰক্ষীক খাদ্যখিনি দিলে। ইয়াৰ পিছত তেওঁ ক’লে, “এই মঞ্চ মোৰ বাবে মন্দিৰ।” তাৰ ওপৰত খাদ্য নাৰাখিব”।(singer arijit singh remove food pakets from stage)

কিছুমানে অৰিজিতৰ এনে ব্যৱহাৰৰ শলাগ লৈছে। আনহাতে একাংশই অৰিজিতক সমালোচনাও কৰে। গায়কজনে মঞ্চখনক মন্দিৰৰ সৈতে তুলনা কৰাৰ সময়তে বহুতে প্ৰশ্ন উত্থাপন কৰি কৈছিল যে তেওঁ কিয় জোতা পিন্ধিছে।

Comments are closed.