ৰঙা টুপি, গোলাপী টি-চাৰ্ট পৰিধানেৰে মুম্বাইত উপস্থিত জাষ্টিন বিবাৰ!অনন্ত-ৰাধিকা মাৰ্চেণ্টৰ সংগীত অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ জাষ্টিনে লয় ৮৩ কোটি টকা…

ব্যৱসায়ী মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে ১২ জুলাইত ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। বিয়াৰ ৰীতি-নীতি আৰম্ভ হৈছে। মামৰু অনুষ্ঠানৰ পিছত এতিয়া অনন্ত আৰু ৰাধিকাৰ আজি সংগীত অনুষ্ঠান, য’ত আন্তঃৰাষ্ট্ৰীয় গায়ক জাষ্টিন বিবাৰে গীত পৰিৱেশন কৰিব। ইতিমধ্যে মুম্বাইত উপস্থিত জাষ্টিন।

মুম্বাইৰ কালিনা বিমানবন্দৰত নিজৰ দলৰ সৈতে ষ্টাইলত দেখা গৈছিল জাষ্টিন বিবাৰক। এই সময়ছোৱাত জাষ্টিন বিবাৰে মূৰত ৰঙা ৰঙৰ টুপী পিন্ধিছিল। জাষ্টিন বিবাৰে নীলা ৰঙৰ লুজ ডেনিমৰ সৈতে গোলাপী ৰঙৰ টি-চাৰ্ট পিন্ধি থকা দেখা গৈছিল। কালিনা বিমানবন্দৰৰ পৰা ওলোৱাৰ সময়ত জাষ্টিন বিবাৰৰ আশে-পাশে আছিল অতি কটকটীয়া নিৰাপত্তা।

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ সংগীত অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিবলৈ জাষ্টিন বিবাৰে বিপুল পৰিমাণৰ ধন লয়।প্ৰায় এক কোটি ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৮৩ কোটি টকা জাষ্টিনে লয় বুলি খবৰ ওলাইছে।

Related Articles