বিতৰ্কৰ আৱৰ্তত কণ্ঠশিল্পী নাহিদ আফ্ৰিন! গান নোগোৱাকৈয়ে বঁটা পালে নাহিদ আফ্ৰিনে!

সোমবাৰে ২০১৮ আৰু ২০১৯ বৰ্ষৰ বাবে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছিল৷ আন বহু শিল্পীৰ লগতে উদিয়মান কণ্ঠশিল্পী নাহিদ আফ্ৰিনেও এই অনুষ্ঠানতে গ্ৰহণ কৰিলে তেওঁলৈ আগবঢ়োৱা শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (মহিলা) ৰ ‘প্ৰতিমা পাণ্ডে বৰুৱা বঁটা’। নাহিদলৈ এই বঁটা আগবঢ়োৱা হয় ‘নিজানৰ গান’ নামৰ ছবিখনৰ ‘নীলাতে লুকা ভাকু’ গানটোৰ বাবে।

কিন্তু সকলোকে আচৰিত কৰা কথাটো হ’ল অভিযোগ অনুসৰি ‘নীলাতে লুকা ভাকু’ শীৰ্ষক গানটোত নাহিদ আফ্ৰিনে কণ্ঠদান কৰাই নাছিল। গানটোত প্ৰকৃততে কণ্ঠদান কৰিছিল ৰূপজ্যোতি দেৱী আৰু জুবিন গাৰ্গে।

সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰচাৰ হোৱাৰ লগে লগে এতিয়া ৰাজ্যৰ সাংস্কৃতিক জগতখনত বিতৰ্কৰ সূত্ৰপাত হৈছে। ‘নীলাতে লুকা ভাকু’ শীৰ্ষক গীতটোৰ প্ৰকৃত কণ্ঠশিল্পী ৰূপজ্যোতি দেৱীয়ে ফেচবুকত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰা নাহিদ আফ্ৰিনে বঁটা গ্ৰহণ কৰাৰ এখন ফটো আৰু বঁটাৰ লগত প্ৰদান কৰা মানপত্ৰৰ সৈতে ইউটিউবৰ এটা স্ক্ৰৃণ শ্বটো শ্বেয়াৰ কৰিছে।

ৰূপজ্যোতি দেৱীয়ে নিজেই কণ্ঠদান কৰা গানটোৰ ইউটিউব লিংকৰ সৈতে তেওঁ লিখিছে, এই গানটোৰ বাবে সন্মানীয় অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ বাবে অভিনন্দ নাহিদ আফ্ৰিন।

উল্লেখ্য যে ইউটিউবত উপলব্ধ গানটোত স্পষ্টকৈ লিখা আছে গানটোত কণ্ঠদান কৰিছে জুবিন আৰু ৰূপজ্যোতিয়ে। এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিছে ইমান এটা বৃহৎ ভুল কিদৰে হ’বলৈ পালে?

নাহিদে যদি গানটো গোৱাই নাছিল তেনে কিয় এই বঁটা গ্ৰহণ কৰিলে? সমগ্ৰ বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰাৰ লগতে বিতৰ্কৰ সূচনা কৰিছে।

Related Articles