Breaking

চিৰাঙৰ সাংবাদিক সঞ্জয় কুমাৰ সৰকাৰক ‘সংবাদশ্ৰী’ বঁটাৰে সন্মানিত

0 2,059

 সাহিত্য , সামাজিক , সাংস্কৃতিক দিশত বিগত ১৬ বছৰ ধৰি কাম কৰি অহা সাহিত্য – সংস্কৃতিৰ অন্যতম মঞ্চ ‘কৃষ্টিপথাৰৰ’ উদ্যোগত বৰপেটাৰোডস্থিত অসম সাহিত্য সভা ভৱনত যোৱা ১৩ নৱেম্বৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে অসমৰ কেবাগৰাকী বিশিষ্ট কবি , সাহিত্যিক , সাংবাদিকক ‘কৃষ্ট এৱাৰ্ডচ – ২০২১’ প্ৰদান কৰা হয় । ৰাজ্যখনৰ ভালেসংখ্যক কবি , শিল্পী – সাহিত্যিক উপস্হিত থকা উক্ত বঁটা প্ৰদান অনুষ্ঠানত কৃষ্টিপথাৰৰ বাৰ্ষিক কাব্যালোচনী “কৃষ্টি”ৰ সপ্তম সংখ্যা উন্মোচন কৰে প্ৰাক্তন সাংবাদিক তথা বিটিচিৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে । লগতে উক্ত অনুষ্ঠানত এখনি স্মৰণিকা উন্মোচন কৰাৰ লগতে স্ব-ৰচিত কবিতা পাঠৰো এক অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানতে চিৰাং জিলা সদৰ কাজলগাঁৱৰ পৰা অসমীয়া খবৰ , দৈনিক যুগশঙ্খ , দৈনিক গণ অধিকাৰ আৰু অসম আদিত্য কাকতত সংবাদদাতা হিচাপে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা সঞ্জয় কুমাৰ সৰকাৰক এইবেলি কৃষ্টিপথাৰ মঞ্চই ‘সংবাদশ্ৰী’ নামেৰে ‘কৃষ্টি এৱাৰ্ড – ২০২১’ৰ বঁটা প্ৰদান কৰে । চিৰাং জিলাৰ শালঝোৰা গাঁৱৰ বাসিন্দা তথা স্বৰ্গীয় বিবেকান্দ সৰকাৰ আৰু শ্ৰীমতী ৰাধাৰাণী সৰকাৰৰ পুত্ৰ সঞ্জয় কুমাৰ সৰকাৰে যোৱা ২০০৩ বৰ্ষৰ পৰা সংবাদসেৱাৰ সৈতে জড়িত হৈ বিগত সময়ছোৱাত অসমৰ অগশাৰীৰ বিভিন্ন দৈনিক কাকতত সংবাদদাতা হিচাপে কাম কৰি আহিছে । উল্লেখ্য যে , কৃষ্টিপথাৰ সাহিত্য , সামাজিক , সাংস্কৃতিক কেন্দ্ৰই প্ৰতিবছৰে কবি সন্মিলন, আলোচনা চক্ৰ , কাব্যালোচনী , স্মৰণিকা আদি প্ৰকাশ কৰাৰ লগতে সমাজৰ বিভিন্ন দিশত নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা ব্যক্তি সকলক বটাঁ, সম্বৰ্ধনা আদি প্ৰদান কৰি আহিছে । এইবেলি অসম, ত্ৰিপুৰা, পশ্চিমবঙ্গৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ সাহিত্য, সংস্কৃতি তথা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত প্ৰায় অৰ্দ্ধশতাধিক বিশিষ্ট ব্যক্তিক “কৃষ্টি এৱাৰ্ডচ্ ২০২১” প্ৰদান কৰা হ’ব বুলি কৃষ্টিপথাৰৰ প্ৰধান সম্পাদক মহানন্দ সৰকাৰ দত্তই জানিবলৈ দিয়ে ।

Leave A Reply

Your email address will not be published.