যোৰহাট জিলা মইনা পাৰিজাতৰ অন্তৰ্গত পূৱ যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান চাৰিদিনীয়া কাৰ্য্যসূচীৰ বৃহস্পতিবাৰে প্ৰথম দিনৰ কাৰ্যসূচী চঙী লাহিংত অৱস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। ১৯৩৭ চনতে জন্ম লাভ কৰা শিশু কল্যাণকামী স্বেচ্ছাসেৱী অনুষ্ঠানটিয়ে পঞ্চাশটা বৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ।(Sishu Samaruh)
চুঙী লাহিং গাঁৱৰ ৰূপৰেখা শাখা মইনা পাৰিজাত, ন-পাম গাওঁৰ পূৱজ্যোতি শাখা মইনা পাৰিজাত, পুথি নদী গাঁৱৰ ন-সুৰুজ শাখা মইনা পাৰিজাত আৰু ঘৰফলীয়া গাঁৱৰ পূবেৰুণ শাখা মইনা পাৰিজাতৰ আভ্যৰ্থনাত অনুষ্ঠানটি অনুষ্ঠিত হৈছে। বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে প্ৰথমে চাফাই কৰাৰ পাছত মইনা-মাইনি সকলক আভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আদৰণি জনাই তাৰ পাছত বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰাৰ পাছত ৮ বজাত পতাকা উত্তোলন কাৰ্য্যসূচী অনুষ্ঠিত হয়। ৮.৩০বজাত শিশু প্ৰেমী ইন্দ্ৰনাথ শৰ্মা আৰু শিশু দৰদী তুলন চুতীয়াদেৱলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। ৯ বজাত সকলোৱে লঘু আহাৰ গ্ৰহণ কৰে আৰু কাৰ্য্যসূচী অনুযায়ী প্ৰায় ৪৫ টা শাখাৰ মইনা মাইনি সকলে মাৰ্চ পাষ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, লগতে ক্ৰীড়া শিখা প্ৰজ্বলন কৰে মৰঙীয়াল গাঁওৰ দৌৰ বিদ মাইনা নিয়ৰ কৌশিকে।
ইয়াৰ পাছতে প্ৰদৰ্শনী আৰু গ্ৰন্থ মেলাৰ দ্বাৰ মুকলি কৰা হয়। ১১বজাত স্মৃতি গ্রন্থ উন্মোচন কৰে কাকজন মহা বিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তুফেল জিলানি দেৱে লগতে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে নকচাৰী মহাবিদ্যালয়ৰ অধক্ষ উত্তম বৰুৱাই। ইয়াৰ পাছতে পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ প্রাক্তন বিষয় ববীয়া, দাতা পৰিয়াল আৰু পাৰিজাতৰ আজীৱন সদস্য সকলৰ মাজত অন্তৰংগ অলপ অনুষ্ঠান অনুষ্ঠিত হয়। ১২.৩০বজাত অহাৰ গ্রহণৰ পাছৰে পৰা প্ৰতিযোগিতা সমূহ আৰম্ভ হয়।