Breaking

বহি: ৰাষ্ট্ৰৰ বেচৰকাৰী সংস্থাৰ দ্বাৰা ডিমৌ আদৰ্শ চিকিৎসালয়লৈ এম্বুলেন্স আৰু অক্সিজেন চিলিণ্ডাৰ প্ৰদান

0 1,567

*ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকৰ সাফল্য, অক্সফর্ড বিশ্ববিদ্যালয়ৰ বিশেষ আলোচনাত ভাগ লব ডা: সুৰজিৎ গিৰিয়ে*

ডিমৌ আদৰ্শ চিকিৎসালয়ৰ দক্ষ সংজ্ঞাহাৰক চিকিৎসক সুৰজিৎ গিৰিৰ আন্তৰিক প্ৰচেষ্টাত আৰু চিকিৎসালয় খনৰ কতৃপক্ষৰ সদিচ্ছাৰ বাবে আজি এটা বহি:ৰাষ্ট্ৰৰ স্বেচ্ছাসেৱী সংগঠনে এখন এম্বুলেন্স আৰু কেইবাটাও অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰে। এম এচ এফ নামৰ ফ্ৰান্সৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্হাই কোভিড আক্রান্ত সকলৰ সুবিধাৰ বাবে চিকিৎসালয়খনলৈ বিনামুলীয়াকৈ এখন এম্বুলেন্স আৰু অক্সিজেন চিলিণ্ডাৰ ৬ প্ৰদান কৰি চিকিৎসালয় খনৰ দুটা গুৰুত্বপূর্ণ অভাৱ পুৰণ কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে। আজি জিলাৰ অন্যতম  ডিমৌ  আদৰ্শ চিকিৎসালয়ত  এম এচ এফ নামৰ আন্ত:ৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাটোৰ কৰ্মী সকল উপস্থিত হৈ চিকিৎসালয়খনৰ উপ-অধীক্ষক ডা: দণ্ডেশ্বৰ দেউৰী আৰু সংজ্ঞাহাৰক বিশেষজ্ঞ চিকিৎসক ডা: সুৰজিত গিৰীৰ হাতত এখন এম্বুলেন্সৰ লগতে ছটাকৈ অক্সিজেন কনচেনটেটৰ অৰ্পণ কৰে। যাৰ জড়িয়তে সমগ্ৰ ডিমৌ বাসীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাৰণক অতিমাৰী ক’ৰণাৰ সময়ত কোভিড আক্ৰান্ত সকলক উন্নত চিকিৎসাৰ বাবে কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰাত এই এম্বুলেন্সখনে যথেষ্ট সকাহ দিব বুলি চিকিৎসক সকলে আশা প্ৰকাশ কৰিছে।চিকিৎসালয়খনলৈ   বিনামূলীয়াকৈ এখন এম্বুলেন্স আৰু ছটা অক্সিজেন কনচেনটেটৰ যোগান ধৰাৰ বাবে সংস্থাটোৰ কৰ্মী সকললৈ ডিমৌ আদৰ্শ চিকিৎসালয়ৰ সমুহ চিকিৎসক আৰু চিকিৎসালয়ৰ কতৃপক্ষই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। ইফালে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকৰ সাফল্য, অক্সফর্ড বিশ্ববিদ্যালয়ৰ বিশেষ আলোচনাত নিমন্ত্ৰণ লাভ কৰিছে ডা: সুৰজিৎ গিৰি । ইংলেণ্ডৰ অক্সফর্ড বিশ্ববিদ্যালয়ত অন লাইন যোগে অনুষ্ঠিত হ’ব লগীয়া এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে  চিকিৎসক সুৰজিৎ গিৰিয়ে। শিৱসাগৰৰ এজন দক্ষ,সৰ্প দংশন বিষয়ত অভিজ্ঞ সংজ্ঞাহাৰক ডাঃ সুৰজিৎ গিৰিলৈ ইংলেণ্ডৰ অক্সফর্ড বিশ্ববিদ্যালয়ৰ এক অন লাইন আলোচনাৰ বাবে অংশগ্ৰহণৰ সুযোগ লাভ কৰা ডা: গিৰিৰ তত্বাৱধানত বৰ্তমানলৈকে প্ৰায় পাঁচশৰো অধিক বিষাক্ত সর্পই দংশন কৰা লোক আৰোগ্য হৈ উঠিছে। ডা: সুৰজিৎ গিৰিৰ এই সাফল্যত সকলোৱে প্ৰশংসা কৰিছে।

Leave A Reply

Your email address will not be published.