Breaking

পাকিস্তানত কাঠ মাফিয়াক সহায় কৰা ৬টা গাধক গ্ৰেপ্তাৰ, মূল অভিযুক্ত পলাতক অৱস্থাত

0 75

আইনৰ জটিলতাৰ বলি হ’ব লগা হৈছে পাকিস্তানৰ গাধ৷ ইয়াৰ পূৰ্বেও গাধক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান বন বিভাগক ৬টা গাধক আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।পাকিস্তানৰ চিত্ৰলত ৬টা গাধ গ্ৰেপ্তাৰ কৰা হৈছে। গাধকেইটাই টিম্বাৰ মাফিয়াক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে। উৰ্দু নিউজৰ মতে, কাঠ চোৰাং কাণ্ডৰ গোচৰত খাইবাৰ পাখতুনখোৱাৰ চিত্ৰাল জিলাৰ থানাত আটক কৰা হৈছে ৬টা গাধ।

একে সময়তে চোৰাং ব্যৱসায়ৰ লগত জড়িত মূল অভিযুক্ত পলাতক হৈছে।মঙলবাৰে (১৮ অক্টোবৰ) নিশা সংঘটিত হয় এই ঘটনা। সহকাৰী উপায়ুক্তৰ নিৰ্দেশত বন বিষয়া আৰু জিলা প্ৰশাসনে দৰোষ গোল নামৰ ঠাইত অভিযান চলাই চোৰাং সৰবৰাহকাৰীক আটক কৰে। তিনিটা গাধ এৰি পলায়ন কৰে সন্দেহযুক্ত চোৰাং ব্যৱসায়ী কেইজন। চোৰাং কাঠ সৰবৰাহৰ প্ৰচাৰৰ অভিযোগত গাধকেইটাক আদালতত হাজিৰ কৰা হ’ব বুলি কোৱা হৈছে।

Leave A Reply

Your email address will not be published.