বিশ্বৰ ৬বিধ ব্যয়বহুল খাদ্যঃ যাৰ মূল্য সোণৰ সমান…

বিশ্বত বহু ব্যয়বহুল সুস্বাদু খাদ্য আছে। বহু সুস্বাদু ব্যঞ্জন বিশ্বৰ বিভিন্ন প্ৰান্তত তৈয়াৰ কৰা হয়। বিশ্বৰ ব্যয়বহুল খাদ্যৰ সোৱাদ লোৱাটো সকলোৰে সামৰ্থ নহয়। আহকচোন জানি লওঁ, পৃথিৱীৰ ৬বিধ বিলাসী আৰু অতি দামী খাদ্য…

থাইলেণ্ডৰ “The Golden Shell” ৰেষ্টুৰেণ্টত উপলব্ধ এই ভজা ভাত ৰজাৰ খাদ্যৰ দৰে। ইয়াত লবষ্টাৰ, কেঁকোৰা, কাঠফুলা লগতে খাব পৰা সোণ ব্যৱহাৰ কৰা হয়।

ভিয়েটনামৰ “Gainesville L’Epee” হোটেলত উপলব্ধ এই কফি অতি বিলাসী। এই কফিত সোণৰ আৱৰণ দিয়া হয়। এক কাপৰ দাম প্ৰায় এক লাখ টকা।

ইটালীৰ “ৰেনাটো ভায়োলা” ৰেষ্টুৰেণ্টত উপলব্ধ এবিধ পিজ্জা আটাইতকৈ দামী। এই পিজ্জাত ২৪ কেৰেট সোণৰ তৰপ দিয়া হয়। ইয়াৰ মূল্য প্ৰায় ২.৫ লাখ টকা।

জাপানৰ মিয়াজাকি চহৰত পোৱা বিৰল ৱাগ্যু গো-মাংসক বিশ্বৰ আটাইতকৈ সুস্বাদু আৰু ব্যয়বহুল গো-মাংস বুলি গণ্য কৰা হয়। ইয়াৰ দাম প্ৰায় ৪ লাখ টকা।

নিউয়ৰ্ক চহৰৰ “Serendipity 3” ৰেষ্টুৰেণ্টত উপলব্ধ এটা আইচক্ৰীমৰ দাম প্ৰায় ২০.৭৫ লাখ টকা।

Related Articles