মৈৰাবাৰীৰ আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰসহ ৬ অবৈধ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নৱ প্ৰজন্মৰ অভিশাপ স্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে চলোৱা অভিযানত নিতৌ ধৰা পৰিছে নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী তথা অন্যান্য নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ৰ লগত জড়িত থকা বহু দুষ্ট চক্ৰ। কালি পুৱা মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে মৈৰাবাৰী থানাৰ অন্তৰ্গত পলাহজুৰী গাঁৱৰ আশ্বাদুল ইছলামৰ ঘৰৰ পৰা ১৪৯.৭৬ গ্ৰাম ব্ৰাউন চুগাৰ ১০০ টা কন্টেনাৰ নগদ ৫ লাখ ৫৪ হেজাৰ টকা, দুখন বিলাসী গাড়ীসহ ৬ জন ব্ৰাউন চুগাৰৰ সৰবৰাহকাৰী বৃহৎ চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি নাগালেণ্ডৰ ডিমাপুৰ, মনিপুৰ আৰু অৰুণাচলৰ পৰা মৈৰাবাৰীলৈ অতি চোৰাংভাৱে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় চলাই অহা এই বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী কেইজনে যোৱা ৰাতি এই বুজন পৰিমাণৰ ব্ৰাউন চুগাৰখিনি লৈ পলাহজুৰীৰ আশ্বাদুলৰ ঘৰত ঘাটি পাতিছিল। আশ্বাদুল ইছলামৰ ঘৰৰ পৰাই ড্ৰাগছ ব্ৰাউন চুগাৰ অসমৰ বিভিন্ন জিলাত বিতৰণ কৰা হয়। বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰখিনি আশ্বাদুলৰ ঘৰত অনাৰ পাছত আৰক্ষীয়ে এক গোপন সূত্ৰত গম পোৱাৰ লগে লগেই এক অভিযান চলায়। প্ৰায় পাঁচ ঘন্টা সময় ক্ষেত্ৰ ভিত্তিক অভিযান চলাই অৱশেষত এই বূহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ  ড্ৰাগছ,  গাড়ী আৰু ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে লক্ষীমপুৰৰ  ছকিনা খাতুন জমিৰ উদ্দিন আৰু নগাঁও জিলাৰ দুজন ক্ৰমে ছফিকুল ইছলাম আৰু জহিৰুল ইছলাম আৰু ড্ৰাগছ সৰবৰাহকাৰী আশ্বাদুল ইছলামৰ পত্নী ছালমা বেগমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে মধ্য অসমৰ ম’ষ্ট ৱান্টেড ড্ৰাগছ বেপাৰী আশ্বাদুল ইছলাম  আগতীয়াকৈ পলায়ন কৰে যদিও ব্ৰাউন চুগাৰ বেপাৰ কৰাত ব্যৱহাৰ কৰা As-03 3535 নম্বৰৰ বিলাসী গাড়ীসহ দুখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। মৈৰাবাৰী আৰক্ষীয়ে ২৬৮/২১ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি অপৰাধীকেইজনক জেল-হাজোতলৈ প্ৰেৰণ কৰে। কালি এই বৃহৎ চক্ৰটো উৎখাত কৰা আৰু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

Related Articles