Breaking

মৈৰাবাৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত এগৰাকী মহিলাসহ ছয় জন গ্ৰেপ্তাৰ

0 110

এক গোপন সূত্ৰৰ পম খেদি মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে আজি ১৪ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ, নগদ ডেৰ লাখ টকা আৰু দুখন মটৰ চাইকেল জব্দ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এগৰাকী মহিলা সহ পাঁচ জনকৈ ড্ৰাগছ ব্যৱসায়িক।এক গোপন সূত্ৰৰ ভিত্তিত মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছাব্বিৰ আলিৰ নেতৃত্বত এটি অভিযানকাৰী দলে নগাঁৱৰ ভোমোৰাগুৰিৰ পৰা মুচিদা বেগম,মফিজ হুছেইন।

লাহৰিঘাটৰ বগলীপাৰাৰ ইমৰাদুল হুছেইন,বটদ্ৰবাৰ পাখেলি পথাৰৰ জিয়াউৰ ৰহমান, আৰু মৈৰাবাৰীৰ লুৎফুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ লগতে বহিঃ ৰাজ্যৰ গাজীপুৰ উত্তৰ প্ৰদেশৰ ফায়াজ হুছেইনকো গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰ কৰা পাঁচ জনৰ পৰা মৈৰাবাৰী আৰক্ষীয়ে ১৪ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচত ১৯০.৭৬ গ্ৰাম ড্ৰাগছ,দুখন মটৰ চাইকেল, ডেৰ লাখ নগদ টকা,পাঁচটা মোবাইল ফোন জব্দ কৰে।

Leave A Reply

Your email address will not be published.