আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰৰ ৬ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম ১০ স্থানৰ ভিতৰত ৬ টা স্থান দখল কৰিবলৈ সক্ষম হৈছে

আজি ঘোষণা কৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ জিলাৰ ফলাফল সন্তোষজনক।হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২২ত অসমৰ ভিতৰতে দশম স্থান লাভ কৰি শিৱসাগৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে – জিলা খনৰ ৬ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম ১০ স্থানৰ ভিতৰত ৬ টা দখল কৰিবলৈ সক্ষম হৈছে।জিলা খনৰ পৰা সপ্তম স্থান দখল কৰিছে দুগৰাকী মেধাৱীয়ে।শিৱসাগৰ নগৰৰ নিউ লুক একাডেমীৰ ছাত্ৰ প্ৰিয়নুজ বৰদলৈ আৰু ডিমৌ ছোৱালী হাইস্কুলৰ দীপশিক্ষা বৰুৱাই ৫৯১ নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰে।

আনহাতে শিৱসাগৰ নগৰৰ হোলিনেম স্কুলৰ আৰিন ভূঞা আৰুনিতাইপুখুৰীৰ শ্রীমন্ত শঙ্কৰদেৱ বিদ্যালয়ৰ জ্যোৰ্তিৰময় দত্তই ৫৮৯ নম্বৰ লাভ কৰি নৱম স্থান দখল কৰিছে।দশম স্থান লাভ কৰে জিলা খনৰ দুগৰাকী শিক্ষার্থীয়ে।শিৱসাগৰ নগৰৰ শ্ৰীসুন্দৰ মল মৰ্ডান স্কুলৰ ছাত্ৰ হিমাংশু দাস আৰু ৰক্তোপল বৰুৱাই ৫৮৮ নম্বৰৰ সৈতে দশম স্থান দখল কৰিছে।জিলা খনৰ পৰা এইবাৰ এই পৰীক্ষাত সৰ্বমুঠ ৮৭০১ পৰীক্ষাৰ্থী অৱৰ্তীন হৈছিল।ইয়াৰে ২৬৩০ গৰাকীয়ে প্ৰথম বিভাগ,২৯৫৮ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ১৪৭৫ গৰাকীয়ে তৃতীয় বিভাগত উত্তীণ হৈছে।উত্তীণৰ শতকৰা হাৰ ৮১.১৭ শতাংশ।সুফল ফলাফল পোৱা বাবে স্কুলৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষত্ৰী আৰু অভিভাৱক সকলৰ লগতে শুভাকাংশী সকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

Related Articles