Breaking

একেখন জিলাৰ পৰা ছয়জন ৰাজনীতিক একেলগে সংসদলৈ নিৰ্বাচিত!

0 24

উত্তৰ প্ৰদেশৰ এখন জিলাৰ নিৰ্বাচনী ফলাফলে বহুতকে আচৰিত কৰি তুলিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কনৌজৰ পৰা অখিলেশ যাদৱ, মইনপুৰীৰ পৰা ডিম্পল যাদৱ, ইটাৱাৰ পৰা জিতেন্দ্ৰ দোহৰে, ফিৰোজাবাদৰ পৰা অক্ষয় যাদৱ, বদৌনৰ পৰা আদিত্য যাদৱ, আজমগড়ৰ পৰা ধৰ্মেন্দ্ৰ যাদৱ সংসদলৈ নিৰ্বাচিত হৈছে। ইয়াৰ পূৰ্বে এই ইটাৱা জিলাৰ চাৰিজন সদস্যই একেলগে সংসদীয় নিৰ্বাচনত জয়ী হৈ লোকসভালৈ গৈছিল। ২০১৪ চনত জিলাখনৰ পৰা মুলায়ম সিং, ডিম্পল যাদৱ, ধৰ্মেন্দ্ৰ যাদৱ, আৰু অক্ষয় যাদৱে জিলা খনৰ বিভিন্ন আসনত জয়লাভ কৰিছিল। ২০১৯ চনত এই জিলাৰ পৰাও চাৰিজন সাংসদ হৈছিল।

এই নির্বাচনত মুলায়ম সিং যাদৱ, ধর্মেন্দ্র যাদৱ, আৰু প্রেমদাস কাথেৰিয়া জয়ী হৈছিল৷ তেনে সাংসদসকলৰ সবিশেষ ইয়াত দিয়া হ’ল:
অখিলেশ যাদৱ – সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ ইটাৱা জিলাৰ ছাইফাইৰ বাসিন্দা। অখিলেশ এইবাৰ এছ পিৰ প্ৰতীকত কনৌজৰ পৰা নিৰ্বাচনী পথাৰত নামিছিল। ইটাৱাৰ পৰা কনৌজলৈ দূৰত্ব প্ৰায় ১০০ কিলোমিটাৰ। কনৌজ আসনত তেওঁ বিজেপিৰ সুব্ৰত পাঠকক ১ লাখ ৭০ হাজাৰ ভোটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বেও অখিলেশ কনৌজ সাংসদ আছিল। যোৱাবাৰ কনৌজৰ পৰা তেওঁৰ পত্নীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও বিজেপিৰ সুব্ৰত পাঠকৰ হাতত পৰাস্ত হৈছিল।

ডিম্পল যাদৱ – মইনপুৰী লোকসভাৰ পৰা নিৰ্বাচনত জয়ী হৈ সংসদত প্ৰৱেশ কৰিছে অখিলেশ যাদৱৰ পত্নী ডিম্পলে। ২০২২ চনত ইয়াৰ পৰা উপ-নিৰ্বাচনতো জয়ী হৈছিল ডিম্পলে।মইনপুৰীক মুলায়ম পৰিয়ালৰ দুৰ্গ হিচাপে গণ্য কৰা হয়। এইবাৰ ডিম্পলে বিজেপিৰ হেভিৱেট মন্ত্ৰী জয়বীৰ সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ডিম্পলে বিজেপিৰ জয়বীৰ সিঙক ২ লাখ ২১ হাজাৰ ভোটত পৰাস্ত কৰিছে। বিএছপিৰ শিৱপ্ৰসাদ যাদৱে লাভ কৰিছে ৬৬ হাজাৰ ভোট।

অক্ষয় যাদৱ – এছ পিৰ মুখ্য সম্পাদক ৰাম গোপাল যাদৱৰ পুত্ৰ অক্ষয়ও এইবাৰ সংসদলৈ যোৱাত সফল হৈছে। ফিৰোজাবাদৰ আসনৰ পৰা তেওঁ নিৰ্বাচনৰ পথাৰত নামিছিল। এইখন ইটাৱাৰ চুবুৰীয়া আসন। ইয়াৰ পূৰ্বেও অক্ষয় এই আসনৰ পৰা সাংসদ হৈ আহিছে যদিও ২০১৯ চনত বিজেপিৰ চন্দ্ৰসেন জেডনৰ হাতত পৰাস্ত হৈছিল অক্ষয়। বিজেপিৰ বিশ্বদ্বীপ সিঙক প্ৰায় ৮৯ হাজাৰ ভোটত পৰাস্ত কৰিছে অক্ষয়ে। অক্ষয়ে লাভ কৰিছে ৫ লাখ ৪৩ হাজাৰ ভোট।

আদিত্য যাদৱ – অখিলেশৰ খুলশালীয়েক আদিত্য যাদৱেও বদৌন আসনৰ পৰা ১৮ নং লোকসভাত প্ৰৱেশ কৰিছে। আদিত্য শিৱপাল যাদৱৰ পুত্ৰ আৰু এছ পিয়ে তেওঁক বদৌন আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ক। এই আসনত দুবাৰকৈ প্ৰাৰ্থী সলনি কৰিছে এছ পিয়ে। অৱশেষত আদিত্যই ইয়াৰ পৰা টিকট লাভত সফল হৈছিল। বিজেপিৰ দুৰ্গাবিজয় সিং শাক্যক ৩৪ হাজাৰ ভোটত পৰাস্ত কৰিছে আদিত্যই। আদিত্যই ৫ লাখ ১৮ হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে শাক্যই লাভ কৰিছে প্ৰায় ৪ লাখ ৬৬ হাজাৰ ভোট।

ধৰ্মেন্দ্ৰ যাদৱ – মুলায়ম সিঙৰ ভতিজা ধৰ্মেন্দ্ৰ যাদৱেও এইবাৰ সংসদীয় নিৰ্বাচনত জয়লাভ কৰিছে। পূৰ্বাঞ্চলৰ আজমগড় আসনৰ পৰা এছ পিৰ প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ধৰ্মেন্দ্ৰই। ধৰ্মেন্দ্ৰ মুলায়মৰ ভাতৃ অভয়ৰাম যাদৱৰ পুত্ৰ। বিজেপিৰ দীনেশ লাল যাদৱক ১ লাখ ৬১ হাজাৰ ভোটত পৰাস্ত কৰিছে ধৰ্মেন্দ্ৰই। এই নিৰ্বাচনত ধৰ্মেন্দ্ৰই ৫ লাখৰো অধিক ভোট লাভ কৰিছে। আজমগড় আসনখনকো মুলায়ম পৰিয়ালৰ দুৰ্গ হিচাপে বিবেচিত হৈছে। ইয়াৰ পৰাই মুলায়ম আৰু অখিলেশ সাংসদ হৈ আহিছে।

জিতেন্দ্ৰ দোহৰে – ইটাৱাৰ ভাৰতনা তহচিলৰ পৰা জিতেন্দ্ৰ দোহৰেও এইবাৰ সংসদত উপস্থিত হৈছে। ইটাৱাহ (সংৰক্ষিত) লোকসভাৰ আসনত জিতেন্দ্ৰই এছ পিৰ প্ৰতীকত জয়লাভ কৰিছে। ২০১৪ চনৰ পৰা ইয়াত বিজেপিৰ দখল আছিল। বিজেপিৰ ৰামশংকৰ কাথেৰিয়াক ৫৮ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰিছে জিতেন্দ্ৰ ডোহৰে। মোদী চৰকাৰতো মন্ত্ৰী হিচাপে আছিল কেথেৰিয়া।

Leave A Reply

Your email address will not be published.