মুখৰ সৌন্দৰ্য্যৰ বাবে বহুত কষ্টৰ প্ৰয়োজন হয়, যদি আপুনি শোৱাৰ পূৰ্বে কিছুমান ছালৰ যত্নৰ ৰুটিন মানি চলে, তেন্তে টোপনিৰ পৰা সাৰ পোৱাৰ পিছত আপোনাৰ মুখখন জিলিকি থাকিব।(Skin Care) আমি মুখৰ উজ্বলতা বজাই ৰাখিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰোঁ, কিন্তু কেতিয়াবা আকাংক্ষিত ফলাফল নাপাই বহুতে। বিশেষকৈ বতৰৰ প্ৰভাৱ মুখত পৰিলে ইয়াৰ বেয়া প্ৰভাৱ দেখা যায়। মুখৰ উজ্বলতাৰ বাবে যদি ৰাতি ছালৰ ৰুটিন মানি চলোঁ, তেতিয়া মুখখন পৰীৰ দৰে জিলিকি থাকিব।
আপোনাৰ মুখৰ বিশেষ যত্ন লওক-
১/ ক্লিনজাৰৰ পৰা আৰম্ভ কৰক
গোটেই দিনটো ঘৰৰ বাহিৰত থকাৰ ফলত মুখত মলি জমা হয়, গতিকে প্ৰথমে ক্লিনজাৰেৰে মুখখন ভালদৰে ধুব লাগে, তেতিয়াহে আপুনি মুখত যিকোনো ৰাসায়নিক মুক্ত সামগ্ৰী প্ৰয়োগ কৰিব পাৰিব।
২/ ছালৰ টোনিং
ক্লিনজাৰেৰে মুখখন ধোৱাৰ পিছত টোনাৰ ব্যৱহাৰ কৰিব লাগিব। কপাহৰ টুকুৰা এটাত টোনাৰ কেইটোপালমান দি ছালত লগাওক। ইয়াৰ ফলত ছালত বহু উপকাৰ পোৱা যায় আৰু শুকানতা দূৰ হ’ব পাৰে।
৩/ মইশ্ব’ৰাইজাৰ
মইশ্ব’ৰাইজাৰ ছালৰ বাবে অতি গুৰুত্বপূৰ্ণ, ৰাতি শোৱাৰ আগতে প্ৰয়োগ কৰক মইশ্ব’ৰাইজা কাৰণ ই মুখখন হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে আৰু ছাললৈ সতেজতা আনে। তেলীয়া ছালৰ বাবে মইশ্ব’ৰাইজাৰ আৰু অধিক উপকাৰী।