Skin Care: শীত কালত ছালৰ সৌন্দর্য বজাই ৰাখিব কেনেকৈ

আমি সকলোৱে নিজক ধুনীয়া কৰি ৰাখিব বিচাৰো। কিন্তু শীত কালত মুখমণ্ডলকে ধৰি দেহৰ বিভিন্ন অংশৰ শুকান হৈ যোৱাৰ ফলত বহুতো সমস্যাই দেখা দিয়ে। আমি হয়তো ক্রীম বা ময়েশ্বৰাইজাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ সমাধান কৰিব পাৰো, কিন্তু ইয়েই যথেষ্ট নহয়। আমি আমাৰ খাদ্যৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজন।(Skin Care) তলত উল্লেখ কৰা খাদ্যবোৰ নিয়মীয়াকৈ খাই ছালৰ লগতে মুখমণ্ডলৰ সুন্দৰতা আৰু সুস্থতা বজাই ৰখাৰ চেষ্টা ঘৰতে কৰিব পৰা যায়।

১. বাদামঃ বাদামত বিভিন্ন এন্টিঅক্সিডেন্ট, ভিটামিন-ই আৰু গুৰুত্বপূর্ণ ফেটি এচিদ যথেষ্ট পৰিমাণে থাকে। এইবোৰ উপাদানৰ বাবে বাদাম খালে আমাৰ ছাল ভিতৰ আৰু বাহিৰ উভয়তে ময়েশ্বৰাইজ হৈ থাকে। ইয়াৰ ফলস্বৰূপে শীতকালতো ছাল ফটাৰ সমস্যাই দেখা নাযায় আৰু মুখমণ্ডলৰ লগতে দেহৰ ছাল সুন্দৰ হৈ থাকে।

২. মাছঃ মাছ আমাৰ বহুতৰে প্ৰিয়। মাছৰ বহু স্বাস্থ্য উপকাৰী গুণ আছে। ছালৰ সুস্বাস্থ্যৰ ক্ষেত্ৰতো মাছ উপকাৰী। অমেগা-থ্ৰীৰ প্রধান উৎস হৈছে মাছ। সুন্দৰ আৰু স্বাস্থ্যবান ছালৰ বাবে যিহেতু অমেগা-থ্ৰী অতি গুৰুত্বপূৰ্ণ, সেয়ে মাছ খাই আমি সতেজ আৰু সুস্থ ছালৰ গৰাকী হক্সব পাৰো।

৩. ছয়াবিনঃ নিৰামিষ খাদ্যাভ্যাত ছয়াবিনৰ গুৰুত্ব অপৰিসীম। ছয়াবিনত যথেষ্ট পৰিমাণে আইচফে্লভন থাকে। আইচফে্লভনে কোলাজন উৎপাদন কৰে। ফলস্বৰূপে ছাল কোছ খোৱা সমস্যা নহয় আৰু বয়সৰ ছাঁ নপৰে।

৪. কণীঃ আপুনি কণী ভাল পায়নে? পায় যদি ই আপোনাৰ ছালৰ সুন্দৰতা অটুত ৰখাত যথেষ্ট উপকাৰী। কাৰণ কণীত ছালফাৰ আৰু নেটাইন যথেষ্ট পৰিমাণে থাকে। এই দুয়োবিধ উপাদানে ছালৰ অর্দ্রতা বজাই ৰাখে, লগতে ছালৰ সুস্বাস্থ্য বৰ্তাই ৰখাত সহযোগিতা আগবঢ়ায়।

৫. বিলাহীঃ বতৰৰ ফল বিলাহীও ছালৰ সুস্বাস্থ্যৰ বাবে আশাপ্ৰদ ফলদায়ক। বিলাহীত ভিটামিন-চি আৰু এন্টিঅক্সিডেন্ট থাকে। ফলত বিলাহী খালে ছালৰ সুন্দৰতা আৰু সুস্থতা বজাই ৰখাত সহায়ক হয়। বিলাহীয়ে ছালৰ ওপৰত বয়সৰ ছাপ পৰাতো বাধা দিয়ে।

এনেদৰে খাদ্যাভ্যাসেৰে আমি ছালৰ ঘৰুৱা যতন ল’ব পাৰো।

লেখকঃ বন্দিতা দাস

Related Articles