Breaking

আগবাঢ়িও পৰাস্ত শ্লোভাকিয়া, দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে ২-১ গ’লত জয়ী যুদ্ধবিধ্বস্ত ইউক্ৰেইন…

0 21

ইউৰোত গ্ৰুপ ‘ই’ৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে। প্ৰথমখন মেচত বেলজিয়ামক পৰাস্ত কৰি চমক দিছিল শ্লোভাকিয়াই। কিন্তু শুকুৰবাৰে তেওঁলোকে প্ৰথমে গ’ল কৰি আগবাঢ়ি যোৱাৰ পিছতো ইউক্ৰেইনৰ হাতত পৰাস্ত হয়।


ইপিনে, প্ৰথমখন খেলত ৰোমানিয়াৰ হাতত পৰাস্ত হয় ইউক্ৰেইন। সেই আঘাত চম্ভালি প্ৰত্যাৱৰ্তনেৰে যুঁজলৈ উভতি আহিল যুদ্ধবিধ্বস্ত দেশখন। ০-১ গ’লত পিছ পৰি থকাৰ পাছতো ইউক্ৰেইনে ২-১ গ’লত জয়ী হৈ সন্তুষ্টিৰে খেলপথাৰ এৰিলে।

জাৰ্মানীৰ ডাচেলডৰ্ফ ষ্টেডিয়ামত ফেভাৰিট হিচাপে খেলপথাৰত প্ৰৱেশ কৰে শ্লোভাকিয়াই। আৰু ইউক্ৰেইনক পৰাস্ত কৰিলেই শেষৰ ষোল্লটা স্থানত নিজৰ স্থান নিশ্চিত কৰিব পাৰিলেহেঁতেন। কিন্তু ভৱা কথা নহ’ল সিদ্ধি। আনহাতে, ইউক্ৰেইনৰ বাবে এই মেচখন আছিল বৰ্তি থকাৰ যুঁজ। এই মেচখনত পৰাজয়ে তেওঁলোকক ইউৰোৰ পৰা কাৰ্যতঃ বাহিৰ কৰি দিলেহেঁতেন।

Leave A Reply

Your email address will not be published.