Breaking

স্মাৰ্ট চিটি গুৱাহাটী এজাক বৰষুণতেই কৃত্ৰিম বানত হাহাকাৰ অৱস্থা…

0 42

স্মাৰ্ট চিটি গুৱাহাটী। স্মাৰ্ট চিটি বুলি ক’লেই ধাৰণা এটা মনলৈ আহে যে চাৰিওফালে বিকাশ, প্ৰগতি, ভাল ৰাস্তা ঘাট, উদ্যোগ, অট্টালিকা আদিৰে সমাহাৰ এখন ঠাই। কিন্তু স্মাৰ্ট চিটি গুৱাহাটীৰ ক্ষেত্ৰত এখন বেলেগ ছবিহে মনলৈ আহে। ঠায়ে ঠায়ে নিৰ্মাণ কৰি থকা ফ্লাই অভাৰ, বিভিন্ন বিকাশৰ পদক্ষেপৰ লগতে চকুৰ আগত আহে বানে বুৰাই পেলোৱা গুৱাহাটী।

বানপানী কোনো নতুন সমস্যা নহয়। কৃত্ৰিম বানপানীৰ ফলতো ৰাজপথতেই নদী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱা দৃশ্য নতুন নহয়। এজাক বৰষুণতেই পানীত ডুব যায় গুৱাহাটী মহানগৰী। এয়াই সত্য, এয়াই স্মাৰ্ট চিটিৰ অৱস্থা।

আজিও একেই অৱস্থা হয় মহানগৰীত। এজাক বৰষুণ, তাৰপাছতেই মহানগৰীত কৃত্ৰিম বান। হাতীগাঁও, চানমাৰী,বেলতলা আদিকে ধৰি একাংশ অঞ্চল ডুৱ গ’ল কৃত্ৰিম বানত।বাদ নপৰিল দিছপুৰো। ৰজাঘৰীয়াৰ স্থানো ডুবালে বৰষুণে। কৰবাত এক আঁঠু কৰবাত একঁকাল পানীৰ মাজতেই চলিছে যান্ত্ৰিক মহানগৰী।

Leave A Reply

Your email address will not be published.