Breaking

Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !

56

চৰকাৰ আৰু বিভাগীয় কতৃপক্ষই বলপূর্বক ৰাইজৰ মুৰত জাপি দিয়া স্মাৰ্ট মিটাৰে ৰাজ্যবাসীক জ্বলা-কলা খোৱাই থকাক লৈ ডিমৌৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে ৰাইজৰ সহযোগত ডিমৌৰ বিভাগীয় কাৰ্যালয় সন্মুখত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি দুখিয়া-দৰিদ্ৰ লোকৰ তেজ খোৱা স্মার্ট মিটাৰ সমুহ শীঘ্রেই এৰোৱাই আনিবলৈ দাবী জনাইছিল। কিন্তু বিভাগীয় কতৃপক্ষই ৰাইজৰ দাবীৰ প্ৰতি কোনো কাৰণতে গুৰুত্ব নিদিলে। সেয়ে আজি পুনৰ খাটি খোৱা ৰাইজে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনি শৰাইত অসমীয়া পৰম্পৰাৰে কলপাতেৰে সজাই এপিডিচিএল কতৃপক্ষক চমজাই দিয়েহি। (Smart Meter)

ডিমৌ,১৯ ছেপ্টেম্বৰ:( Smart Meter)স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !ডিমৌত স্মার্ট মিটাৰৰ বিৰুদ্ধে সদৌ তাই আহোম ছাত্র সন্থা,আদিবাসী ছাত্র সন্থা,অসমীয়া যুৱ মঞ্চ,ছাত্ৰ মুক্তি সংগ্রাম সমিতি ,কৃষক মুক্তি সংগ্রাম সমিতিয়ে আজিও অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী।ইয়াৰ মাজতে আজি ডিমৌৰ বকতা পশ্চিম বস্তিৰ একাধিক ৰাইজে নিজেই গৃহৰ পৰা স্মাৰ্ট মিটাৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ডিমৌৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চমজাই দিয়েহি। বিগত সময়ত চৰকাৰ আৰু বিভাগীয় কতৃপক্ষই বলপূর্বক ৰাইজৰ মুৰত জাপি দিয়া স্মাৰ্ট মিটাৰে ৰাজ্যবাসীক জ্বলা-কলা খোৱাই থকাক লৈ ডিমৌৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে ৰাইজৰ সহযোগত ডিমৌৰ বিভাগীয় কাৰ্যালয় সন্মুখত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি দুখিয়া-দৰিদ্ৰ লোকৰ তেজ খোৱা স্মার্ট মিটাৰ সমুহ শীঘ্রেই এৰোৱাই আনিবলৈ দাবী জনাইছিল। কিন্তু বিভাগীয় কতৃপক্ষই ৰাইজৰ দাবীৰ প্ৰতি কোনো কাৰণতে গুৰুত্ব নিদিলে। সেয়ে আজি পুনৰ খাটি খোৱা ৰাইজে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনি শৰাইত অসমীয়া পৰম্পৰাৰে কলপাতেৰে সজাই এপিডিচিএল কতৃপক্ষক চমজাই দিয়েহি। (Smart Meter)

ডিমৌত সন্মানেৰে শৰাইত কলপাতেৰে ঢাকি স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে

ভুক্তভোগী ৰাইজে বহুবাৰ ডিমৌৰ (APDCL) এপিডিচিএল কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে কতৃপক্ষক তেওঁলোকৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনিবলৈ অনুৰোধ জনাই আহিছিল। কিন্তু এপিডিচিএল কতৃপক্ষই এই বিষয়ত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁলোকে উপায়ন্তৰ হৈ নিজে ঘৰৰ স্মাৰ্ট মিটাৰ খুলি আনি কতৃপক্ষক জমা দিয়েহি যদিওঁ এপিডিচিএল কতৃপক্ষই গ্ৰহণ নকৰাত কাৰ্যালয়ৰ গেটৰ সন্মুখভাগতে থৈ দিয়ে। আজি আৰম্ভণি হোৱা আৰু জনসাধাৰণে স্বতস্ফূৰ্টভাৱে স্মাৰ্ট মিটাৰ ঘূৰাই দিয়া বিষয়টোৱে অনাগত সময়ত কি ৰূপ ধাৰণ কৰে সেয়া লক্ষণীয় হ’ব। আজিৰ বিভাগীয় কতৃপক্ষক মিটাৰ জমা দি সদৌ তাই আহোম ছাত্র সন্থাৰ মহকুমা বিষয়ববীয়া সুমিত কুমাৰ সন্দিকৈ, ডিমৌ আঞ্চলিক সমিতিৰ সভাপতি জয়ন্ত গগৈ, আদিবাসী ছাত্র সন্থাৰ ডিমৌ আঞ্চলিক সমিতিৰ সভাপতি ললিত তাঁতি, ছাত্র মুক্তিৰ কৰণ গগৈ,দিপু চেতিয়াৰ লগতে কৃষক মুক্তিৰ নেতা উমেশ চোলাধৰাই পুনৰবাৰ বিভাগীয় কতৃপক্ষ এই মিটাৰ সমুহ শীঘ্রেই এৰোৱাই আনিবলৈ দাবী জনায় নহলে আজিৰ দৰে মিটাৰ খুলি অনা কাৰ্য ইয়াতকৈ প্ৰৱল হব বুলি কয়।

Comments are closed.