✍ ৰাজীৱ কমল শইকীয়া
মুস্কান এটা মিঠা শব্দ। মূল উৰ্দু। হিন্দী ভাষাৰে আহি আমাৰ স্পন্দনত বিয়পি কলিজাৰ আপোন হৈ পৰা সুমিষ্টতাৰে ভৰপূৰ, লৱণু কোমল এই শব্দৰ আমাৰ মাতৃভাষাত অৰ্থ হৈছে- মিচিকণি অৰ্থাৎ হাঁহি। হাঁহিৰ বিভিন্ন- স্মিতহাস, প্ৰাণখোলা হাঁহি ইত্যাদি অনেক। পিছে আজি, ইয়াৰ ভাগবোৰৰ কথা আলোচনা নকৰি, মূলতঃ হাঁহিৰ কথাহে পাতিম। তাহানিতে ৰূপকোঁৱৰে যে আমালৈ থৈ গৈছিল-
“হাঁহা সখী মোৰ
হাঁহা সখী মোৰ
হাঁহিৰে ফাকু খেলা…।”
এই অমৃত সম্পত্তিৰ উত্তৰাধিকাৰী আমি বোৰে, ইয়াৰ যথোপযুক্ত আপডাল কৰিছোঁনে বাৰু? ব্যৱহাৰিক অৰ্থত- আমি হাঁহি আৰু হঁহুৱাই আছোঁনে? নিজক সুখী কৰাৰ লগতে সমাজ-মুখত বিয়াপাই থ’ব পাৰিছোনে অম্লান মুচকান? সখী পতাৰ সলনি, আমি বাৰু প্ৰতিদ্বন্দী কিম্বা শত্ৰু বেছিকৈ গোটাইছোঁ নেকি? ইত্যাদি প্ৰশ্নৰ আতিসহ্যৰ চিকাৰ হয়নে আপোনাৰ মন-মস্তিষ্ক? যদি হয়, তেন্তে দেৰি নকৰিব। সময় তথা অতি ব্যস্ততাৰ অচেতনতাৰ তাগিদাত সন্তুষ্টি সূৰ্য্যৰ কক্ষপথৰ পৰা সামান্য বিচ্যুতি ঘটিছিল যদিও আপোনাৰ হৃদয়খন এতিয়াও নিভাঁজ তথা নিৰ্মলতাৰে সৌন্দৰ্য্যময় হাঁহি-নক্ষত্ৰ কেন্দ্ৰীক হৈয়েই আছে। ধমনি, অলিন্দ, নিলয়েৰে প্ৰৱাহিত, স্পন্দনৰ সমস্ত সৌন্দৰ্য্যশালী অদাহ্য অনুভূতিৰ ৰঙ ওঁঠত বিৰিঙাই ৰাখক| দেখিব- প্ৰতিদ্বন্দী কমি আহি অনেক সখীয়ে আৱৰি ধৰিব। কৃত্ৰিম হাঁহি সুলকি, নিৰ্মল হাঁহিৰ ফাকু খেল চলি থাকিব অন্তহীন… লগতে সেই অমৃত সম্পত্তিৰো আপডাল আপোনাআপুনি হ’ব। আহকচোন আমি মুস্কানৰ মিতালী পাতোঁ। হাঁহিৰে ফাকু খেলোঁ। আমাৰ হাততে আৰু এনেকুৱা অজস্ৰ অমৃত সম্পত্তি আছে। সেইবোৰ অন্তঃকৰণেৰে জুকিয়াই চাই হৃদয়ঙ্গম কৰি গৈ থাকোঁ আহক। ইয়ো হ’ব তেতিয়া মুখত মুস্কাকান চিৰস্থায়ী কৰি থ’বলৈ অভিনৱ ফাকু খেলা। আনক নিজৰ লগত বলেৰে বন্ধাৰ, তুলনা কৰাৰ হাবিয়াসৰ কি দৰকাৰ আছে। আপোনাৰ অনিঃশেষ মৃদু হাঁহি বা প্ৰাণখোলা হাঁহিতেই দেখোন জগতখন যোগ হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে! হাঁহিত কৈ ডাঙৰ হাথিয়াৰ আৰু একো নাই। আপোনাৰ-মোৰ মুখত ই জিলিকি থাকিলে, ঘোৰ শত্ৰুও প্ৰেমিক হৈ যাব পাৰে পলকতে। প্ৰত্যেকেই হাঁহিক জীৱন জুৰি স্থায়ী কৰাৰ কিটিপটো আয়ত্ব কৰি ল’ব জানিলেই, উচুপনি, কান্দোনে কিম্বা কান্দোনৰ কাৰণসমূহে স্বনিৰ্বাসন ল’বলৈ মজবুৰ হৈ পৰিব… এদিন।