Breaking

খিলঞ্জীয়াৰ মুখত প্ৰাপ্তিৰ হাঁহি, ডিগবৈৰ ৪৮৭১ গৰাকী লোকক ভূমি পট্টা প্ৰদান মন্ত্ৰী বিমল বড়াৰ…

0 35

সুদীৰ্ঘ অপেক্ষাৰ অন্তত গাঁও সমূহত বসতি কৰি থকা খিলঞ্জীয়া ভূমিপুত্ৰ সকলে আজি ভূমিৰ মালিকীস্বত্ব লাভ কৰিলে। জনতাৰ সুখ আৰু সুৰক্ষা আমাৰ বাবে আশীৰ্বাদস্বৰূপ। এই আশিসে চৰকাৰক জনসাধাৰণৰ বাবে অধিক নিষ্ঠাৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। বসুন্ধৰা ০২ জৰিয়তে জনসাধাৰণক সাতটি বিশেষ সেৱা আগবঢ়োৱা হৈছে৷ খাছ আৰু চিলিং উদ্বৃত্ত মাটিৰ বন্দোবস্তি,অধিগৃহীত লোকক বন্দোবস্তি ,বিশেষ কৃষকক বন্দোবস্ত, জনজাতীয় সম্প্ৰদায়ৰ লোক সকলক বংশানুক্রমিক ভূমিৰ বন্দোবস্তি,মূল একচনীয়া পট্টা থকা সকলৰ পৰা একচনীয়া পট্টা পৰিবৰ্তিত ভূমিৰ বন্দোবস্তি,পি জি আৰ /ভিজিআৰ ভূমি বন্দোবস্তি নিয়মীয়া কৰণ,ভূমি ৰাজহ অন লাইন যোগে প্ৰদান। ইয়াৰ লগতে বসুন্ধৰা পৰ্টেলৰ জৰিয়তে উত্তৰাধিকাৰ সূত্ৰে মাটিৰ নামজাৰি, চুক্তি পঞ্জীয়ণৰ পাছতে মাটিৰ নামজাৰি, বিবাদ নথকা মাটিৰ বিভাজন, এনুৱেল পট্টাক পিৰিয়ডিক পট্টালৈ পৰিবৰ্তন এবিঘাৰ তলৰ কৃষি ভূমিক অকৃষিভূমিলৈ পুনৰ শ্ৰেণীবদ্ধ কৰণ, পিৰিয়ডিক পট্টাৰ প্ৰমাণপত্ৰৰ অনুমোদন, লিগেচি ডাটা উন্নীতকৰণ, মোবাইল নম্বৰৰ উন্নীতকৰণ আদি ভূমি সম্পর্কীয় সুবিধা প্ৰদান কৰা হৈছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমতে আনুষ্ঠানিক ভাৱে ভূমি পট্টা প্ৰদান কৰি থকা হৈছে আজি মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিৰ ৪৮৭১ গৰাকী লোকক ভূমি পট্টা প্ৰদান কৰে মন্ত্ৰী বিমল বড়াই। উক্ত অনুষ্ঠানত সন্মানীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক সুৰেন ফুকন,বলিন চেতিয়া, জিলা আয়ুক্ত স্বপনীল পাল ,ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সভাপতি কুশকান্ত বড়াকে প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.